ETV Bharat / state

HBS wife land scam: ৰিণিকি ভূঞা শৰ্মাই লাভ কৰা আঁচনি দেশৰ নিবনুৱাৰ বাবে উপলব্ধ নেকি ? কংগ্ৰেছৰ প্ৰশ্ন

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:07 PM IST

প্ৰসংগ- উত্থাপিত ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰী আৰু 10 কোটি টকাৰ ৰাজসাহায্য ৷ এই সন্দৰ্ভত সৰৱ হৈছে কংগ্ৰেছ ৷ কেন্দ্ৰীয় চৰকাৰলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভৰ 4 টা প্ৰশ্ন...

HBS wife land scam
HBS wife land scam

কেন্দ্ৰীয় চৰকাৰলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভৰ 4 টা প্ৰশ্ন...

গুৱাহাটী, 13 ছেপ্টেম্বৰ: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ভূমি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ ইয়াকে লৈ ইতিমধ্যেই সাংসদ গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত আৰম্ভ হৈছে টুইটাৰ যুদ্ধ ৷

ইফালে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভো এই সন্দৰ্ভত সৰৱ হৈ পৰিছে ৷ ৰিণিকি ভূঞা শৰ্মাৰ ভূমি ক্ৰয় আৰু সেই ভূমিক মাত্ৰ 10 মাহৰ ভিতৰৰ পৰা কৃষি ভূমিৰ পৰা ঔদ্যোগিক ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰি 10 কোটি টকাৰ ৰাজসাহায্য লোৱা বিষয় সন্দৰ্ভত তেওঁ সৰৱ হয় ৷

তেওঁ বিজেপিক কটাক্ষ কৰি কয় যে এই আঁচনি কেৱল বিজেপিৰ মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবেহে উপলব্ধ ৷ তেওঁ আৰু কয়, ‘‘ Pride East Entertainments Pvt. Ltd.'' লৈছে অসমৰ এক সংবাদ প্ৰতিষ্ঠান ৷ ইয়াৰ স্বত্বাধিকাৰী হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা ৷ এই প্ৰতিষ্ঠানটোৱে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত 10 কোটি টকাৰ ৰাজসাহায্য লাভ কৰিছে ৷''

তেওঁ লগতে কয়, ‘‘তথ্য অনুসৰি ৰিণিকি ভূঞা শৰ্মাই একেদিনাই নগাওঁ জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰিগজি গাঁৱত 50 বিঘা কৃষিভূমি ক্ৰয় কৰিছে ৷ সেয়া আছিল শ্ৰেণীভূক্ত কৃষিভূমি ৷ কিন্তু অতি কম সময়ৰ ভিতৰত সেই ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি ‘Pride East Entertainments Pvt. Ltd'ৰ অধীনত ঔদ্যোগিক ভূমিলৈ পৰিৱৰ্তন কৰা হয় ৷ ইয়াৰ পাছতেই এই প্ৰতিষ্ঠানটোৱে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা 10 কোটি টকাৰ ৰাজসাহায্য লাভ কৰিছে ৷’’

ইতিমধ্যেই চৰ্চিত এই তথ্য উল্লেখ কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰক চাৰিটা প্ৰশ্ন উত্থাপন কৰে ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীৰ প্ৰশ্নসমূহ এনেধৰণৰ-

1. এইটো কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ আৰ্হি নেকি, য’ত কৃষকসকলৰ বাবে সমৰ্পিত আঁচনি এখনৰ বাবে আৱণ্টন কৰা ধন অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ সৈতে সম্পৰ্কিত এটা কোম্পানীক অনুদান হিচাপে বিতৰণ কৰা হৈছে ?

2. এফালে কৃষকসকলে 2018-19 বৰ্ষত খেতিৰ পৰা দৈনিক 27 টকা উপাৰ্জন কৰিছিল আৰু আনফালে কৃষকসকলৰ বাবে আৱণ্টন কৰা 10 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সৈতে সম্পৰ্কিত এটা মিডিয়া কোম্পানীক অনুদান হিচাপে দিয়া হৈছে, কিয় ?

3. এইটো "NA KHAUNGA NA KHANE DOONGA" মডেল নেকি ?

4. আমাৰ দেশৰ কোটি কোটি নিবনুৱা যুৱক-যুৱতীৰ বাবে এই ধৰণৰ আঁচনি উপলব্ধ নেকি ?

এইদৰেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ ৷

লগতে পঢ়ক: Assam CM wife land scam: প্ৰসংগ-১০ কোটি টকাৰ ৰাজসাহায্য; মুখ্যমন্ত্রী আৰু গৌৰৱ গগৈৰ টুইট যুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.