ETV Bharat / bharat

Opposition Unity: মুম্বাই বৈঠকৰ পূৰ্বে বুধবাৰে অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিব নীতিশ কুমাৰে

author img

By

Published : Aug 15, 2023, 10:32 PM IST

I.N.D.I.A মিত্ৰজোঁটৰ মুম্বাইত বৈঠকত নীতিশ কুমাৰৰ নাম আহ্বায়ক হিচাপে চূড়ান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কিন্তু এইক্ষেত্ৰত হেঙাৰ হিচাপে দেখা দিব পাৰে মহাৰাষ্ট্ৰত শিৱসেনা আৰু এন চি পিৰ মাজত বিভাজন । এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এই ভ্ৰমণ I.N.D.I.A মিত্ৰতাৰ বাবেও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

Opposition Unity
মুম্বাই বৈঠকৰ পূৰ্বে বুধবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী নীতিশ কুমাৰে

নিউজ ডেস্ক, ১৫ আগষ্ট: I.N.D.I.A মিত্ৰজোঁটৰ মুম্বাই বৈঠকৰ পূৰ্বে পুনৰবাৰ দিল্লী ভ্ৰমণৰ বাবে যাব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ । বুধবাৰে দুপৰীয়া ১২.৩০ বজাত দিল্লীলৈ ৰাওনা হ’ব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ । দিল্লীত উপস্থিত হোৱাৰ পিছত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিব । দিল্লীত চাকৰি স্থানান্তকৰণত কেন্দ্র চৰকাৰৰ প্ৰস্তাৱিত বিধেয়কখন গৃহীত হোৱাৰ পিচত এজন ডাঙৰ নেতাৰ সৈতে অৰবিন্দ কেজৰিৱালৰ এইখন প্রথম বৈঠক ৷

ইয়াৰ পূৰ্বে দিল্লীত মিছা ভাৰতীৰ বাসগৃহত মিলিত হয় আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এই ভ্ৰমণ I.N.D.I.A মিত্ৰতাৰ বাবেও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । মুম্বাই ভ্ৰমণৰ সময়চোৱাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আন বিৰোধী নেতাকো সাক্ষাৎ কৰিব পাৰে । মুম্বাইৰ বৈঠকত নীতিশ কুমাৰৰ নাম আহ্বায়ক হিচাপেও মনোনীত হ’ব পাৰে ।

অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰাৰ পাচত নীতিশ কুমাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থল পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত ৰে’লমন্ত্ৰী আছিল ।

৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বৈঠকত নীতিশ কুমাৰৰ নাম আহ্বায়ক হিচাপে চূড়ান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কিন্তু এইক্ষেত্ৰত হেঙাৰ হিচাপে দেখা দিব পাৰে মহাৰাষ্ট্ৰত শিৱসেনা আৰু এন চি পিৰ মাজত বিভাজন । এনে পৰিস্থিতিত আয়োজক উদ্ধৱ থাকৰে আৰু শৰদ পাৱাৰ দুয়োৰে সন্মুখত ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব । এই প্ৰত্যাহ্বান লাঘৱ কৰিবলৈ নীতিশ কুমাৰে দিল্লীৰ বিৰোধী নেতাৰ সৈতে কৌশলেৰে কাম কৰিব পাৰে ।

লগতে পঢ়ক: Cong-AAP meeting: দিল্লীৰ আসন ভাগ-বতৰাক লৈ বুধবাৰে ৰাহুল-কেজৰিৱালৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.