ETV Bharat / bharat

Cong-AAP meeting: দিল্লীৰ আসন ভাগ-বতৰাক লৈ বুধবাৰে ৰাহুল-কেজৰিৱালৰ বৈঠক

author img

By

Published : Aug 15, 2023, 8:33 PM IST

কাইলৈ কংগ্ৰেছ হাইকমাণ্ডৰে অৰবিন্দ কেজৰিৱালৰ বৈঠক ৷ 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে দিল্লীৰ আসন ভাগ-বতৰা সন্দৰ্ভত হ’ব আলোচনা ৷ উপস্থিত থাকিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে ৷

Cong AAP meeting
Cong AAP meeting

নেশ্যনেল ডেস্ক, 15 আগষ্ট: কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু দলৰ বৰ্তমানৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে 16 আগষ্টত দিল্লীত অনুষ্ঠিত হ'বলগীয়া 2024 চনৰ লোকসভা নিৰ্বাচনৰ আসন ভাগ-বতৰা সন্দৰ্ভত আম আদমী পাৰ্টীৰ (আপ) সৈতে আলোচনাত বহাৰ সম্ভাৱনা আছে ।

ইফালে 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত মুম্বাইত I.N.D.I.A বিৰোধী মিত্ৰজোঁটে আহ্বান কৰিছে এখন বৈঠকৰ ৷ এই বৈঠকত 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আসন ভাগ-বতৰা ৰণনীতিৰ ওপৰত আলোচনা কৰিবলৈ প্ৰায় 26 টা দলক একত্ৰিত হ’ব ৷

সাম্ভাৱ্য বৈঠকৰ বিষয়ে নিশ্চিত কৰি দিল্লীৰ ভাৰপ্ৰাপ্ত অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ (AICC) দীপক বাবাৰিয়াই ইটিভি ভাৰতক কয়, ‘‘হয়, আমি সম্ভৱতঃ কাইলৈ আপৰ মুৰব্বীক সাক্ষাৎ কৰিম ।’’ অৱশ্যে কংগ্ৰেছৰ সিদ্ধান্ত দলৰ ভিতৰতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভৱনা আছে ৷

কংগ্ৰেছ হাইকমাণ্ডে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মুখামুখি হ'বলৈ ৰাষ্ট্ৰীয় মিত্ৰজোঁট I.N.D.I.Aক আগুৱাই নিব বিচাৰে যদিও দলটোৰ দিল্লী গোটৰ নেতাসকলে আপৰ সৈতে কোনো নিৰ্বাচনী চুক্তি কৰাৰ বিৰোধিতা কৰিছে ৷ এনে ক্ষেত্ৰত কংগ্ৰেছে এটা মাজৰ পথ বিচাৰি উলিয়াব লাগিব ৷

উল্লেখ্য যে 29 মে’ত অনুষ্ঠিত পূৰ্বৰ ৰণনীতি বৈঠকত মল্লিকাৰ্জুন খাৰ্গে, জে পি আগৰৱালা, অজয় মাকেন, দেৱেন্দ্ৰ যাদৱ, অনিল চৌধুৰী, অৰবিন্দৰ সিং লাভলী আৰু হাৰুণ ইউছুফকে ধৰি দিল্লীৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল ৷

কংগ্ৰেছৰ কেইবাজনো নেতাই আপৰ সৈতে মিত্ৰতা কৰাৰ বিৰোধিতা কৰিছিল ৷ ইফালে সংসদৰ শেহতীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ত, কংগ্ৰেছে মোদী চৰকাৰে প্ৰৱৰ্তন কৰা দিল্লী অধ্যাদেশৰ বিৰোধিতা কৰি আপক সমৰ্থন কৰিছিল ৷

ৰাহুল গান্ধীৰ পৰিকল্পিত পৰ্যালোচনাৰ পূৰ্বে, AICCৰ ভাৰপ্ৰাপ্ত বাবাৰিয়াই দিল্লীৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে আসন ভাগ-বতৰাৰ বিষয়টো সম্পৰ্কে বিতং আলোচনাত মিলিত হৈছিল । 2019 ৰ নিৰ্বাচনত দিল্লী লোকসভাৰ সাতখন আসনতে বিজেপিৰ ব্যাপক বিজয় স্বত্বেও, কংগ্ৰেছে আপৰ 18 শতাংশ অতিক্ৰম কৰি 22.5শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: Bangladesh National Election : নিৰ্বাচনৰ লক্ষ্যৰে মোদীক আকৰ্ষণৰ চেষ্টা হাছিনাৰ; ঘেঁহু ৰপ্তানি নিষিদ্ধকৰণক লৈ ৰাজনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.