ETV Bharat / bharat

কাৰ্যভাৰ লৈয়ে ধৰ্মীয় স্থানত লাউড স্পীকাৰ ব্যৱহাৰক লৈ কঠোৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 9:38 AM IST

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচতে একচন মুডত মোহন যাদৱ ৷ ধৰ্মীয় স্থানত লাউড স্পীকাৰ আৰু ডি জেৰ ব্যৱহাৰ সন্দৰ্ভত কঠোৰ মুখ্যমন্ত্ৰী মোহন যাদৱ ৷ গঠন কৰা হ’ব ফ্লাইং স্কোৱাড ৷ চৰকাৰী নীতি নিয়ম উলংঘা কৰিলে কঠোৰ শাস্তি পাব আইন ভংগকাৰীয়ে ৷

CM Mohan Yadav first action after becoming the Chief Minister
ধৰ্মীয় অনুষ্ঠানত লাউড স্পীকাৰ ব্যৱহাৰ সন্দৰ্ভত কঠোৰ হৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, 14 ডিচেম্বৰ : বুধবাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে একচন আৰম্ভ কৰিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ৷ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাচতে মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰ্মীয় স্থানত লাউড স্পীকাৰ আৰু ডি জেৰ ব্যৱহাৰ সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ৷

নিৰ্দেশনা অনুসৰি, ধৰ্মীয় স্থানৰ পৰা লাউড স্পীকাৰ আঁতৰাবলৈ ৰাজ্য চৰকাৰে সকলো সংশ্লিষ্ট ধৰ্মীয় নেতাৰ সৈতে যোগাযোগ কৰিব আৰু অবৈধভাৱে লগোৱা লাউড স্পীকাৰ আঁতৰ কৰিব ৷ আনহাতে, ৰাজ্যখনত লাউড স্পীকাৰ ব্যৱহাৰ কৰা ধৰ্মীয় স্থানৰ এখন তালিকা প্ৰস্তুত কৰাৰ বাবেও আৰক্ষী থানাসমূহক নিৰ্দেশ দিয়ে ৷ লগতে ধৰ্মীয় অনুষ্ঠানত লাউড স্পীকাৰ ব্যৱহাৰৰ সন্দৰ্ভত প্ৰতি সপ্তাহত জিলা পৰ্যায়ত এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি নিৰ্দেশনা প্ৰকাশ কৰা হৈছে ৷

মধ্যপ্ৰদেশ শব্দ নিয়ন্ত্ৰণ আইন, শব্দ প্ৰদূষণ নিয়ম 2000 লগতে ৰাজ্যখনৰ ধৰ্মীয় স্থান আৰু অন্যান্য স্থানৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

নিৰ্দেশনাটোত কোৱা হৈছে যে, আগতীয়াকৈ অনুমতি গ্ৰহণ নকৰিলে লাউড স্পীকাৰ বা অন্যান্য শব্দ যন্ত্ৰ উচ্চস্বৰত বজোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব ৷ ইয়াৰ বাবে গঠন কৰা হ’ব ফ্লাইং স্কোৱাড ৷ সকলো জিলাৰ ধৰ্মীয় আৰু ৰাজহুৱা স্থানত চাডেন ভিজিট কৰিব ফ্লাইং স্কোৱাডৰ দলে, যাতে লাউড স্পীকাৰ নিয়ন্ত্ৰণৰ কৰিব পাৰে ৷ যদিহে নিয়ম উলংঘা কৰে তেতিয়া হ’লে তিনিদিনৰ ভিতৰত তদন্ত কৰা হ'ব আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰা হ'ব প্ৰতিবেদন ৷

লগতে পঢ়়ক : শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই কেঁচিৰে ডিঙিত খুচি হত্যা প্ৰেমিকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.