ETV Bharat / bharat

Dilli ki Yogshala Programme : দিল্লীত বন্ধ বিনামূলীয়া যোগ শ্ৰেণী, মোডী-চাক্সেনাক দোষাৰোপ কেজৰিৰ

author img

By

Published : Mar 31, 2023, 2:04 PM IST

দিল্লীত শেহতীয়াভাৱে বন্ধ হৈছে 'দিল্লী কি যোগশালা' কাৰ্যসূচীৰ অধীনত বিনামূলীয়া যোগ শিক্ষা (Dilli ki Yogshala programme closed in Delhi) । এই যোগ শিক্ষা বন্ধ হোৱাৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উপ ৰাজ্যপাল ভি-কে চাক্সেনাক দোষাৰোপ কৰিছে ।

Modi vs Kejriwal
Modi vs Kejriwal

নিউজ ডেস্ক, ৩১ মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi Chief Minister Arvind Kejriwal) শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উপ-ৰাজ্যপাল ভি কে চাক্সেনাক 'দিল্লী কি যোগশালা' কাৰ্যসূচীৰ অধীনত বিনামূলীয়া যোগ শ্ৰেণী স্থগিত ৰখাৰ বাবে দোষাৰোপ কৰে (Kejriwal blames PM Modi to closed yoga programme in Delhi) । লগতে কাৰ্যসূচী বন্ধ কৰাৰ বাবে এই কাৰ্যৰ পৰা কোন লাভান্বিত হয় বুলি কেজৰিৱালে দুয়োকে প্ৰশ্ন কৰে । উল্লেখ্য, পঞ্জাবৰ আপ নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত বিনামূলীয়া যোগ শ্ৰেণী আৰম্ভ কৰাৰ পিছতে কেজৰিৱালৰ এই মন্তব্য আহিছে ।

যোৱা বছৰ দিল্লীত আপে বিজেপিৰ ওপৰত অভিযোগ কৰিছিল যে বিষয়াসকলক হেঁচা প্ৰয়োগ কৰি 'দিল্লী কি যোগশালা' কাৰ্যসূচী (Dilli ki Yogshala programme) বন্ধ কৰাৰ "ষড়যন্ত্ৰ" কৰিছে । সেই সময়ত দিল্লী চৰকাৰে অভিযোগ কৰিছিল যে চাক্সেনাই (Lt Governor VK Saxena) 31 অক্টোবৰৰ পিছত কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ অনুমোদন দিয়া নাছিল । হিন্দীত কৰা এটা টুইটত কেজৰিৱালে কয়, "যেতিয়া প্ৰধানমন্ত্ৰীয়ে (নৰেন্দ্ৰ মোডী) উপ-ৰাজ্যপালক দিল্লীত বিনামূলীয়া যোগ শ্ৰেণী বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল, আমি সেয়া পঞ্জাবত আৰম্ভ কৰিছিলোঁ ।"

নিজৰ টুইটত অৰবিন্দ কেজৰিৱালে লগতে কয়, "দিল্লীত দিল্লী চৰকাৰৰ বিনামূলীয়া শ্ৰেণীত দৈনিক ১৭,০০০ লোকে যোগাভ্যাস কৰিছিল । তেওঁলোকৰ যোগ বন্ধ কৰা হৈছিল । ইয়াৰ পৰা কোন লাভান্বিত হৈছিল ? যিজনে কাম কৰে তেওঁ কাম বন্ধ কৰাজনতকৈ ডাঙৰ ।" উল্লেখ্য, কেজৰিৱালে ২০২১ চনৰ ডিচেম্বৰত 'দিল্লী কি যোগশালা' কাৰ্যসূচী আৰম্ভ কৰিছিল যাতে দিল্লীৰ সকলো বাসিন্দাই সপ্তাহত ছয়দিন তেওঁলোকৰ পদূলিমুখত বিনামূলীয়া যোগ প্ৰশিক্ষণ লাভ কৰিব পাৰে ।

ইয়াৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী বিধানসভাত বাজেট অধিবেশনৰ সময়ত আদানি বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে (Arvind Kejriwal slammed PM Narendra Modi) । কেজৰিৱালে বিধানসভাত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে । লগতে তেওঁ মোডীক স্বাধীনতাৰ পিছত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত প্ৰধানমন্ত্ৰী বুলিও অভিহিত কৰে ।

লগতে পঢ়ক :Gajraj Corps Tezpur: গজৰাজ কৰ্পছৰ কমাণ্ড গ্ৰহণ লেফটেনেণ্ট জেনেৰেল মনীষ এৰিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.