ETV Bharat / bharat

জম্মুৰ কিষ্টৱাৰ জিলাত ডাৱৰ বিস্ফোৰণত ৬ জনৰ মৃত্যু

author img

By

Published : Jul 28, 2021, 3:05 PM IST

Cloud burst in Kishtwar
জম্মুৰ কিষ্টৱাৰ জিলাত ডাৱৰ বিস্ফোৰণত ৬ জনৰ মৃত্যু

জম্মুত ভয়াৱহ ৰূপ লৈছে ডাৱৰ বিস্ফোৰণে (Cloud burst) । বুধবাৰে পুৱা ডাৱৰ বিস্ফোৰণত প্ৰাণ হেৰুৱালে ৬ জন লোকে । এতিয়াও সন্ধানহীন হৈ আছে ৪০ জন লোক ।

নেশ্যনেল ডেস্ক, ২৮ জুলাই : জম্মুৰ কিষ্টৱাৰ জিলাত ডাৱৰ বিস্ফোৰণে কালৰূপ ধাৰণ কৰিছে । ডাৱৰ বিস্ফোৰণত এতিয়ালৈকে জিলাখনৰ ৬ জন লোকৰ মৃত্যু হৈছে । বুধবাৰে পুৱতি নিশা ডাৱৰ বিস্ফোৰণ ঘটে জম্মুৰ কিষ্টৱাৰ জিলাৰ হোনজাৰ গাঁৱত । তাৰ পিছৰে পৰা গাঁৱখনৰ ৪০ জন লোকৰ সন্ধান ওলোৱা নাই ৷

কিষ্টৱাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে নিশ্চিত কৰিছে এই কথা । ডাৱৰ বিস্ফোৰণ আৰু আকস্মিকভাৱে হোৱা বানত ভিতৰুৱা গাঁৱখনৰ প্ৰায় আঠটা বাসগৃহ ক্ষতিগ্ৰস্ত হয় । এই ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাছতে উদ্ধাৰকাৰী দল ততাতৈয়াকৈ হোনজাৰ গাঁৱত উপস্থিত হয় । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও এই ঘটনা সন্দৰ্ভত টুইট কৰিছে ।

বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে । নদী আৰু নলাবোৰত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ আশে-পাশে বাস কৰা লোকসকলৰ বাবে ভাবুকিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে ।

Cloud burst in Kishtwar
জম্মুৰ কিষ্টৱাৰ জিলাত ডাৱৰ বিস্ফোৰণত ৬ জনৰ মৃত্যু

জিলা প্ৰশাসনে মঙলবাৰে নিশা এক পৰামৰ্শাৱলী জাৰি কৰি সকলোকে সতৰ্ক হৈ থাকিবলৈ কৈছিল । হঠাতে হোৱা বানৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হোনজাৰ গাঁৱত । পানীৰ মাজতে আৱদ্ধ হৈ পৰিছে গাঁৱবাসী । অঘটন সংঘটিত হোৱাৰ আশংকাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে যদিও গাঁৱখনৰ একাংশ লোককহে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব পৰা গৈছে । আনহাতে, সন্ধানহীন হৈ থকা লোকসকলৰ বিষয়েও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । বানৰ প্ৰকোপ অপৰিৱৰ্তিত হৈ আছে গাঁৱখনত ৷

লগতে পঢ়ক: Rajya Sabha : সদনৰ ব্যাঘাত সন্দৰ্ভত উদ্বেগ প্ৰকাশ নাইডুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.