ETV Bharat / bharat

Rajya Sabha : সদনৰ ব্যাঘাত সন্দৰ্ভত উদ্বেগ প্ৰকাশ নাইডুৰ

author img

By

Published : Jul 27, 2021, 7:37 PM IST

ৰাজ্যসভাত বাৰে বাৰে হুলস্থুলীয়া পৰিৱেশৰ বাবে সৃষ্টি হোৱা বাধাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যসভাৰ অধ্যক্ষ তথা দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে(M Venkaiah Naidu) । সদনত ভাষণ প্ৰদান কৰি অধ্যক্ষ নাইডুৱে কয় যে, তেওঁ সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদনক লৈ চিন্তিত হৈ পৰিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সদনৰ একাংশ সদস্যই বৰ্ষাকালীন অধিৱেশনৰ বাকী সময়চোৱাত সদনৰ কাম ভালদৰে কৰিবলৈ নিদিবলৈ সংকল্পবদ্ধ হৈছে ।

M Venkaiah Naidu raises concern over disruptions of House
বাৰে বাৰে সদনৰ কামত ব্যাঘাত জন্মাক লৈ উদ্বেগ প্ৰকাশ এম ভেকায়া নাইডুৰ

নেশ্যনেল ডেস্ক, ২৭ জুলাই : মঙলবাৰে বিৰোধীৰ হুলস্থুলৰ মাজতে ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুৱে সদনৰ কামত ব্যাঘাত জন্মাক লৈ চিন্তা ব্যক্ত কৰে । সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ প্ৰসংগ উত্থাপন কৰি অধ্যক্ষ এম ভেংকায়া নাইডুৱে ভাষণ প্ৰদান কৰে । তেওঁ সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদনক লৈ চিন্তিত হৈ পৰিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সদনৰ একাংশ সদস্যই বৰ্ষাকালীন অধিৱেশনৰ বাকী সময়ছোৱাত সদনৰ কাম ভালদৰে কৰিবলৈ নিদিবলৈ সংকল্পবদ্ধ হৈছে ।

তেওঁ লগতে কয় যে, সংসদত আইন প্ৰণয়ন আৰু ৰাজহুৱা বিষয়বোৰ আলোচনা কৰা হয় । দলীয় নেতাসকলে বৰ্তমানৰ পৰিস্থিতি আৰু ৰাজহুৱা স্বাৰ্থৰ বিষয়বোৰ উত্থাপন কৰাৰ পৰা বঞ্চিত হোৱাৰ বাবে তেওঁৰ ওচৰত চিন্তা ব্যক্ত কৰিছে বুলি মন্তব্য কৰে । সকলোকে এই মনোভাৱৰ বিষয়ে তেওঁ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় । বিৰোধীৰ হুলস্থুলৰ মাজতে মঙলবাৰে দুপৰীয়া ১২ বজালৈ ৰাজ্যসভা স্থগিত ৰখা হয় ।

বৰ্ষাকালীন অধিৱেশনৰ ষষ্ঠ দিনা সদন আৰম্ভ হোৱাৰ লগে লগে বিৰোধী দলসমূহে 'পেগাছাছ' সম্পৰ্কত সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদনক লৈ শ্ল'গান দিবলৈ আৰম্ভ কৰে ।

সোমবাৰে পাঁচবাৰকৈ উচ্চ সদন স্থগিত ৰখা হয় । চৰকাৰে ইয়াৰ আইনী কাৰ্যসূচী আগবঢ়াব বিচাৰোতে বিৰোধীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । দুপৰীয়া ১২ বজা, বিয়লি ২ বজা, আবেলি ৩ বজা, আবেলি ৪ বজা আৰু সন্ধিয়া ৫ বজালৈ পাঁচবাৰকৈ সদন স্থগিত ৰখা হয় । যোৱা সপ্তাহত বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰে পৰা সংসদৰ দুয়োখন সদনত বিভিন্ন দাবী জনাই বিৰোধী দলসমূহে প্ৰতিবাদ কৰি আহিছে ।

বিৰোধী দলসমূহে বৰ্তমান পেগাছাছৰ সম্ভাৱ্য নিৰীক্ষণ তালিকাক লৈ শাসকীয় দলক প্ৰশ্ন উত্থাপন কৰি আছে । ইফালে, শাসকীয় দলে এই নিৰীক্ষণ তালিকা ভিত্তিহীন বুলি দাবী কৰিছে । ইয়াৰ পাছতে সদনত অব্যাহত আছে পেগাছাছ বিতৰ্ক ।

লগতে পঢ়ক: ড৹ এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.