ETV Bharat / bharat

Chinese fighter jets on LAC: LAC ত চীনা যুঁজাৰু বিমানৰ শক্তি প্ৰদৰ্শন

author img

By

Published : Jul 25, 2022, 12:06 PM IST

Updated : Jul 25, 2022, 12:32 PM IST

chinese fighter jets continue efforts to provoke india at lac
Chinese fighter jets on LAC: LAC ত চীনা যুঁজাৰু বিমানৰ শক্তি পদৰ্শন

ৰঙা চীনে প্ৰতিদিনে অগ্ৰাসী মনোভাৱ অব্যাহত ৰাখিছে । বাৰম্বাৰ ভাৰতৰ মাটি নিজৰ দখললৈ নিয়াৰ উদ্দেশ্য়ে কৌশলগতভাৱে সীমান্তত উত্তেজনা বৃদ্ধি কৰি ৰাখিছে ৰঙা চীনে । লাডাখত নিয়োজিত ভাৰতীয় বাহিনীক উত্তেজিত কৰিবলৈ সীমান্তত একাধিকবাৰ চীনা যুঁজাৰু বিমান প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰে উৰা মাৰিছে(Chinese fighter jets on LAC) ।

নেশ্যনেল ডেস্ক,২৫ জুলাই: চীনা যুঁজাৰু বিমানে পূৱ লাডাখত নিয়োজিত ভাৰতীয় বাহিনীক উত্তেজিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । একাধিকবাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (Line of Actual Control) কাশেৰে উৰুৱাই শক্তি প্ৰদৰ্শন কৰি আছে ৰঙা চীনে(Chinese fighter jets on LAC) । কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাত বিষয়টো উত্থাপন হোৱাৰ পাছতো চীনা সৈন্যৰ দ্বাৰা এনে উচতনিমূলক প্ৰচেষ্টা অব্যাহত আছে । বিগত তিনি চাৰি সপ্তাহ ধৰি LAC ৰ ওচৰত নিয়মীয়াকৈ চি হাইনেছ বিমান উৰাৰ ফলত ভাৰতীয় প্ৰতিৰক্ষাৰ ওপৰত চীনা সৈন্যই চোৰাচোৱাগিৰি কৰা বুলিও সন্দেহ কৰা হৈছে ।

আনহাতে এই সমগ্ৰ বিষয়টোত ভাৰতীয় বায়ুসেনাই গভীৰভাৱে গুৰুত্ব প্ৰদান কৰিছে আৰু চীনাৰ এই ভাবুকিৰ মোকাবিলা কৰাৰ লগতে যিকোনো পৰিস্থিতিত বিষয়টো বৃদ্ধি হ'বলৈ নিদিয়াৰ আশ্বাস প্ৰদান কৰিছে । J-11কে ধৰি চীনা যুঁজাৰু বিমান LACৰ আকাশত দেখিবলৈ পোৱা গৈছে । শেহতীয়া দিনবোৰত এই ক্ষেত্ৰত ১০ কিলোমিটাৰ পৰ্যন্ত CBM(Confidence Building Major) লাইন উলংঘা কৰাৰ তথ্য পোহৰলৈ আহিছে । চৰকাৰী সূত্ৰই সংবাদ প্ৰতিষ্ঠানক জনায় যে IAF(Indian Air Force)য়ে এনে উচতনিক ওফৰাবলৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে । কিয়নো ই MIG-29 আৰু Mirage 2000 কে ধৰি আটাইতকৈ শক্তিশালী যুঁজাৰু বিমানসমূহক মিনিটৰ ভিতৰত চীনা সীমান্তলৈ প্ৰেৰণ কৰা হৈছে ।

তেওঁলোকে লগতে কয় যে লাডাখ অঞ্চলত IAF ৰ আন্তঃগাঁথনি উন্নীতকৰণক লৈ পিপলছ লিবাৰেচন আৰ্মী(PLA)য়েও উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে । সূত্ৰসমূহে আৰু কৈছিল যে IAFয়ে এনে কাৰ্যৰ প্ৰতি "কেলিব্ৰেটেড ধৰণে" সঁহাৰি দি আছে আৰু তেওঁলোকে নিম্ন আৰু উচ্চ উচ্চতাত উৰা মাৰি থকা অঞ্চলটোত চীনা বিমানৰ প্ৰকাৰ নিৰীক্ষণ কৰি আছে । চীনে এপ্ৰিল-মে’ ২০২০ ৰ সময়চোৱাত LAC ৰ স্থিতি একপক্ষীয়ভাৱে সলনি কৰিবলৈ চেষ্টা কৰাৰ পিছত ভাৰতে লাডাখত ইয়াৰ সামৰিক আন্তঃগাঁথনি উন্নত কৰাৰ বাবে দ্ৰুত গতিত কাম কৰি আছে ।

চীনা যুঁজাৰু বিমানৰ এই চালচলন ২৪-২৫ জুনৰ আশে পাশে আৰম্ভ হৈছিল । যিসময়ত চীনৰ এখন যুঁজাৰু বিমানে পূৱ লাডাখত এটা চেণ্টাৰৰ খুব ওচৰলৈ উৰা মাৰিছিল । তাৰ পিছত, চুমাৰ খণ্ডৰ ওচৰৰ LAC ত দুয়োপক্ষৰ মাজত কেইবাটাও CBM উলংঘন হৈছিল আৰু তেতিয়াৰ পৰা ই অব্যাহত আছে । তেওঁলোকে দৃঢ়তাৰে কয় যে IAF য়েও পূৱ লাডাখ অঞ্চলত ৰাফেল যুঁজাৰু বিমানৰ শক্তি ব্যাপকভাৱে প্ৰদৰ্শন কৰি আছে ।

লগতে পঢ়ক: Sidhu Moose Wala Murder Case: হাৰিয়ানা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লৰেন্স বিষ্ণয়-গোল্ডী ব্ৰাৰ গেঙৰ চাৰি সদস্য

Last Updated :Jul 25, 2022, 12:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.