ETV Bharat / bharat

Sidhu Moose Wala Murder Case: হাৰিয়ানা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লৰেন্স বিষ্ণয়-গোল্ডী ব্ৰাৰ গেঙৰ চাৰি সদস্য

author img

By

Published : Jul 25, 2022, 8:19 AM IST

হাৰিয়ানা আৰক্ষীয়ে শনিবাৰে নিশা আম্বালা জিলাৰ মহেশ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত অভিযান চলাই লৰেন্স বিষ্ণয় আৰু গোল্ডী ব্ৰাৰ চক্ৰৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে ধৃত লোককেইজনৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু সজীৱ গুলী উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ।

Haryana Police arrest four members of Lawrence Bishnoi-Goldy Brar gang
হাৰিয়ানা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লৰেন্স বিষ্ণয়-গোল্ডী ব্ৰাৰ গেঙৰ চাৰি সদস্য

নেশ্যনেল ডেস্ক, 25 জুলাই: হাৰিয়ানাৰ আম্বালা জিলাৰ মহেশ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত শনিবাৰে নিশা অভিযান চলাই হাৰিয়ানা আৰক্ষীয়ে লৰেন্স বিষ্ণয় আৰু গোল্ডী ব্ৰাৰ গেঙৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Haryana Police arrested four persons of Lawrence Bishnoi-Goldy Brar gang)৷ লগতে ধৃত লোককেইজনৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে ৷ উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহৰ ভিতৰত আছে ৩টা পিষ্টল, ২২টা লাইভ কাৰ্টিজ আৰু ৩টা শ্বেল ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, অভিযুক্তকেইজনক জিলা আদালতত হাজিৰ কৰোৱাৰ অন্তত আদালতে ৬ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে । "আমি শনিবাৰে নিশা তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিটা পিষ্টল, ২২টা লাইভ কাৰ্টিজ আৰু তিনিটা শ্বেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো । আগন্তুক সময়ত তেওঁলোকে কিবা এটা বৃহৎ কূটাঘাট কৰাৰ পৰিকল্পনা ৰচিছিল।" জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এইদৰে উল্লেখ কৰাৰ লগতে কয় যে আমি তেওঁলোকক ইতিমধ্যে ৬ দিনৰ বাবে নিজৰ জিম্মাত লৈছো ।

পঞ্জাৱ আৰক্ষীয়ে আদালতত দাখিল কৰা আবেদন অনুসৰি লৰেন্স বিষ্ণয় গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ এজন মূল ষড়যন্ত্ৰকাৰী । আনহাতে পঞ্জাৱ চৰকাৰৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে লৰেন্স বিষ্ণয় গেঙৰ হৈ গেংষ্টাৰ গোল্ডী ব্ৰাৰে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে । পঞ্জাৱ আৰক্ষীয়ে লগতে উল্লেখ কৰিছে যে সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ তদন্তৰ সময়ত গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ স্বীকাৰোক্তিৰ বক্তব্য লিপিবদ্ধ কৰা হৈছিল য’ত স্পষ্টভাৱে আঙুলিয়াই দিয়া হৈছিল যে লৰেন্স বিষ্ণোইয়ে সহ-অভিযুক্তক “সিধু মুছেৱালাৰ পৰিকল্পিত হত্যাকাণ্ড”(Planned killing of Sidhu Moose Wala) সম্পন্ন কৰাৰ দায়িত্ব দিছিল ।

উল্লেখ্য যে, পঞ্জাৱৰ মানছা জিলাৰ জৱাহৰকে গাঁৱত যোৱা ২৯ মে’ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল সিদ্ধু মুছেৱালাক (Sidhu Moose Wala shot dead) । পঞ্জাৱৰ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে যোৱা ডিচেম্বৰ মাহত মুছেৱালাই যোগদান কৰিছিল কংগ্ৰেছ দলত ।

লক্ষ্যণীয় যে, এদিন পূৰ্বে ছ’চিয়েল মিডিয়া চাইট ফেচবুকত কানাডাৰ গেংষ্টাৰ গোল্ডী ব্ৰাৰে পঞ্জাৱত সংঘটিত শেহতীয়া এনকাউণ্টাৰত নিহত লোককেইজন যাক মুছেৱালা হত্যাকাণ্ডৰ (Moose Wala Murder) লগত জড়িত বুলি অভিযুক্ত কৰা হৈছিল, তেওঁলোকক ‘deadly lions’ বুলি অভিহিত কৰে ।

লগতে পঢ়ক: সিদ্ধু মুছেৱালা হত্যাকাণ্ড: উত্তৰাখণ্ডত গ্ৰেপ্তাৰ এজন অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.