ETV Bharat / bharat

Manipur violence : মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পৈতৃক বাসগৃহত আক্ৰমণৰ চেষ্টা

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 10:05 AM IST

শেহতীয়াকৈ দুই শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে মণিপুৰৰ বিভিন্ন স্থানত পুনৰ উত্তেজনা বৃদ্ধি পাইছে । ইম্ফলত একাংশ শিক্ষাৰ্থীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ মাজতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পৈতৃক বাসগৃহত একাংশ লোকে আক্ৰমণৰ চেষ্টা কৰে । উত্তেজিত লোকক ছত্ৰভংগ দিয়াই আৰক্ষীৰ ।

Manipur violence
মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পৈতৃক সম্পত্তিত আক্ৰমণ

নেশ্যনেল ডেস্ক,২৯ ছেপ্টেম্বৰ : মণিপুৰৰ অস্থিৰতা অব্যাহত আছে । এইবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পৈতৃক সম্পত্তিত আক্ৰমণ একাংশ ক্ষোভিত লোকৰ । বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰীগৰাকী খালী হৈ থকা পৈতৃক বাসগৃহত একাংশ লোকে আক্ৰমণ কৰা চেষ্টা কৰে । ইম্ফল উপত্যকাত সান্ধ্য আইন চলি থকাৰ পাছতো নিৰাপত্তাৰ বেষ্টনী অতিক্ৰম কৰি লোকসকলে বাসগৃহত আক্ৰমণৰ চেষ্টা চলায় । অৱশ্যে নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ পাছত উত্তেজিত লোকসকলে পলায়ন কৰে । সাধাৰণতে মুখ্যমন্ত্ৰীগৰাকীয়ে সম্প্ৰতি ৰাজ্যৰ ৰাজধানীৰ কেন্দ্ৰত এটা পৃথক আৰু সুৰক্ষিত চৰকাৰী বাসগৃহত বাস কৰে ।

আৰক্ষীয়ে জনোৱা মতে ইম্ফলৰ হেইংগাং এলেকাত থকা মুখ্যমন্ত্ৰীৰ পৈতৃক বাসগৃহত একাংশ লোকে আক্ৰমণ কৰাৰ চেষ্টা কৰে । অৱশ্যে নিৰাপত্তাৰক্ষীয়ে ঘৰটোৰ পৰা প্ৰায় ১০০-১৫০ মিটাৰ দূৰত ৰাইজক বাধা দিবলৈ সক্ষম হয় । সম্প্ৰতি সেই ঘৰটোত কোনো নাথাকে যদিও ২৪ ঘণ্টাই তাত পহৰা দি থকা হয় । এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে ৰাইজৰ দুটা দল বিভিন্ন দিশৰ পৰা আহিছিল আৰু মুখ্যমন্ত্ৰীৰ পৈতৃক বাসগৃহৰ কাষ চাপিছিল ।

আৰক্ষীৰ মতে জনতাক ছত্ৰভংগ দিবলৈ আৰএএফ আৰু ৰাজ্যিক আৰক্ষীৰ জোৱানসকলে কন্দুৱা গেছ নিক্ষেপ কৰে । আনহাতে কৰ্তৃপক্ষই প্ৰতিবাদকাৰীসকলৰ বাধা দিবলৈ সমগ্ৰ অঞ্চলটোত বিদ্যুৎ সংযোগো বন্ধ কৰি দিয়ে । ঘৰৰ বাহিৰত অতিৰিক্ত বেৰিকেডো স্থাপন কৰা হয় । ইফালে উত্তেজিত লোকসকলে সমীপৰ পথৰ মাজত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

ততালিকে এম্বুলেন্সবোৰো ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় যদিও হতাহতৰ কোনো তথ্য প্ৰকাশ পোৱা নাই । মণিপুৰত দুই শিক্ষাৰ্থীৰ মৃত্যুৰ তথ্য পোহৰলৈ অহাৰ পাছতে পুনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে । বুধবাৰেও ৰাজ্যৰ ৰাজধানীত একাংশ শিক্ষাৰ্থীয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বৃহস্পতিবাৰে পুৱতি নিশা ইম্ফল পশ্চিমৰ উপায়ুক্তৰ কাৰ্যালয়ো একাংশ প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰে ।

লগতে পঢ়ক :Manipur Violence : ২ শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে পুনৰ উত্তাল পশ্চিম ইম্ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.