ETV Bharat / bharat

Manipur Violence : ২ শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে পুনৰ উত্তাল পশ্চিম ইম্ফল

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 2:26 PM IST

পুনৰ উত্তাল হৈ পৰিছে মণিপুৰ । মঙলবাৰৰ পৰা একাংশ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ।বৃহস্পতিবাৰে পুৱতি নিশালৈকে অব্যাহত থাকে প্ৰতিবাদ । ৰাজ্য চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে ।

Manipur Violence
২ শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে পুনৰ উত্তাল ইম্ফল পশ্চিম

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ : মণিপুৰৰ পৰিস্থিতি পুনৰ ভয়ংকৰ হৈ পৰিছে । দুগৰাকী শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে পুনৰ উত্তাল হৈ পৰিছে মণিপুৰ । শিক্ষাৰ্থী দুগৰাকীৰ মৃত্যুৰ পাছতে বৃহস্পতিবাৰে পুৱতি নিশালৈকে হিংসাত্মক প্ৰতিবাদ দেখা গৈছে ৰাজ্যখনত । উত্তেজিত প্ৰতিবাদকাৰীয়ে ইম্ফল পশ্চিমৰ উপায়ুক্তৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে দুখনকৈ চাৰিচকীয়া বাহন জ্বলাই দিয়ে ।

উল্লেখ্য যে জুলাই মাহত নিৰুদ্দেশ হোৱা দুয়োগৰাকী শিক্ষাৰ্থীৰ মৃতদেহৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । তাৰ পাছতে ৰাজ্যখনৰ ৰাজধানীত ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ আৰম্ভ হয় ।

বিষয়াসকলে জনোৱা মতে বুধবাৰে নিশা উৰিপোক, য়াছকুল, চাগোলবান্দ আৰু তেৰা অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হোৱাও দেখা যায় । যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে কেইবা ৰাউণ্ড কন্দুৱা গেছ নিক্ষেপ কৰিব লগা হয় । ইফালে প্ৰতিবাদকাৰীসকলেও নিৰাপত্তা বাহিনীক আৱাসিক এলেকাত প্ৰৱেশ কৰাত বাধা দিবলৈ টায়াৰ জ্বলাই পথ অৱৰোধ কৰে ।

তাৰ পাছতে উত্তেজিত প্ৰতিবাদকাৰীয়ে উপায়ুক্তৰ কাৰ্যালয় লণ্ডভণ্ড কৰে আৰু বাহনত অগ্নিসংযোগ কৰে । পৰৱৰ্তী সময়ত চিআৰপিএফৰ জোৱানসকলে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় । মঙলবাৰৰ পৰা চলি থকা এই প্ৰতিবাদত ৬৫ গৰাকী প্ৰতিবাদকাৰী আহত হয় । নিৰাপত্তা বাহিনীয়ে হিংসাত্মক প্ৰতিবাদ প্ৰতিৰোধ কৰিবলৈ দুখন জিলা ক্ৰমে ইম্ফল পূব আৰু ইম্ফল পশ্চিমত পুনৰ সান্ধ্য আইন জাৰি কৰিছে ।

আৰক্ষীয়ে জনোৱা মতে থৌবাল জিলাৰ খোংজামত বিজেপিৰ এটা কাৰ্যালয়তো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে । মণিপুৰ আৰক্ষীয়ে এক বিবৃতিত কোৱা মতে একাংশ লোকে আৰক্ষীৰ বাহনকো লক্ষ্য কৰি লয় । লোকসকলে আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে আৰু এগৰাকী আৰক্ষীক আক্ৰমণ কৰি তেওঁৰ পৰা অস্ত্ৰ কাঢ়ি লৈ যায় । কাঢ়ি লৈ যোৱা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ আৰু অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে ইতিমধ্যে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছে । উল্লেখ্য যে, ৩ মে'ৰ পৰা চলি থকা মণিপুৰৰ হিংসাত এতিয়ালৈ ১৮০ জনৰো অধিক লোক নিহত হোৱাৰ লগতে শ শ লোক আহত হৈছে ।

লগতে পঢ়ক :CBI team in Manipur: মণিপুৰত CBI ৰ নিৰাপত্তাৰ দায়িত্ব CRPF ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.