ETV Bharat / bharat

Bhupesh Baghel over liquor scam : কেন্দ্ৰীয় সংস্থাসমূহক বিজেপিৰ এজেণ্ট আখ্যা ভূপেশ বাঘেলৰ

author img

By

Published : May 8, 2023, 6:09 PM IST

Bhupesh Baghel over liquor scam
কেন্দ্ৰীয় সংস্থাবোৰ বিজেপিৰ এজেণ্ট

ছত্তীশগড়ৰ ২০০০ কোটি টকাৰ সুৰা কেলেংকাৰী সন্দৰ্ভত মুখ খুলিছে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে (Bhupesh Baghel over Chhattisgarh liquor scam)। মুখ্যমন্ত্ৰীৰ মতে ইডিয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে । কেন্দ্ৰীয় সংস্থাবোৰ বিজেপিৰ ৰাজনৈতিৰ এজেণ্ট বুলিও অভিযোগ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

নেশ্যনেল ডেস্ক, ৮ মে': ছত্তীশগড়ৰ ২০০০ কোটি টকাৰ সুৰা কেলেংকাৰীৰ অভিযোগক লৈ ৰাজনৈতিক পৰিৱেশ গৰম হৈ আছে (Chhattisgarh liquor scam)। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দাবী কৰা মতে বিজেপি চৰকাৰে ২০১৭ চনত সুৰা নীতি আনিছিল । তেওঁৰ মতে ইডিৰ অভিযোগবোৰ মনে সজা । মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে লগতে অভিযোগ কৰে যে, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাবোৰে বিজেপিৰ ৰাজনৈতিক এজেণ্ট হিচাপে কাম কৰি আছে । বাঘেলৰ মতে ইডিৰ কাম হৈছে নিৰ্বাচনত বিজেপিক সহায় কৰা ।

ছত্তীশগড়ত ইডিৰ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে ৰাজ্যখনৰ জনসাধাৰণে ইডিৰ কাৰ্যকলাপক ভয় নকৰে (Chhattisgarh CM on liquor scam)। বাঘেলৰ মতে ইডিৰ ষড়যন্ত্ৰবোৰ আগতেই উন্মোচিত হৈছিল । তেওঁ দাবী কৰা মতে ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰে মানুহৰ ৰাজহ আৰু উপাৰ্জন দুয়োটাই বৃদ্ধি কৰি আছে । মুখ্যমন্ত্ৰীৰ মতে চৰকাৰৰ এই প্ৰচেষ্টা বন্ধ নহয় ।

  • मैंने पहले ही कहा था कि जैसे जैसे चुनाव आएगा ED-IT स्थायी रूप से छत्तीसगढ़ में रहकर नए नए षड्यंत्र करेंगे.

    शराब कॉर्पोरेशन के माध्यम से शराब बिक्री की नीति भाजपा शासनकाल में बनी.

    2017-18 में आबकारी मद से ₹3900 करोड़ की प्राप्ति हुई. हमारे शासनकाल में यह बढ़कर ₹6000 करोड़… pic.twitter.com/uLqB7jsthI

    — Bhupesh Baghel (@bhupeshbaghel) May 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী বাঘেলে লগতে টুইট কৰি কয় যে, তেওঁ পূৰ্বেই কৈছিল যে নিৰ্বাচন অহাৰ লগে লগে ইডি-আইটিয়ে ছত্তীশগড়ত বাহৰ পাতিব আৰু ষড়যন্ত্ৰ ৰচিব । সুৰা নিগমৰ জৰিয়তে সুৰা বিক্ৰী কৰাৰ নীতি বিজেপিৰ শাসনকালত প্ৰস্তুত কৰা হৈছিল (Bhupesh Baghel slams BJP)। ২০১৭-১৮ বৰ্ষত, আবকাৰীৰ পৰা ৩,৯০০ কোটি টকা লাভ কৰা গৈছিল । কংগ্ৰেছৰ কাৰ্যকালত এই ৰাজহ ৬,০০০ কোটি টকালৈ বৃদ্ধি পাইছে বুলিও তেওঁ দাবী কৰে ।

উল্লেখ্য যে, ছত্তীশগড়তো সুৰা কেলেংকাৰীত তথ্য পোহৰলৈ আহিছে । ইডিয়ে শনিবাৰে ৰায়পুৰৰ মেয়ৰ এজাজ ধেবৰৰ ভাতৃ আনৱাৰ ধেবৰক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে । ইডিৰ মতে, ছত্তীশগড়ত সুৰা বিক্ৰীত এক ডাঙৰ দুৰ্নীতি সংঘটিত হৈছে । প্ৰতিটো বটল বিক্ৰীৰ নামত অবৈধ উপাৰ্জন কৰা হৈছে । ইডিয়ে দাবী কৰিছে যে প্ৰায় ২০০০ কোটি টকাৰ সুৰা কেলেংকাৰী সংঘটিত হৈছে ।

ইডিৰ এই দাবীৰ পাছতে ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজনৈতিক ক্ষেত্ৰতো ইয়াক লৈ প্ৰতিক্ৰিয়া চলিছে । তাৰ মাজতে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে ইডিৰ বিৰুদ্ধে অনা অভিযোগৰ পাছতে পুনৰ এবাৰ বিষয়টোৱে সংবাদ শিৰোনাম দখল কৰিছে ।

লগতে পঢ়ক :Manipur Voilence : মণিপুৰৰ হিংসাত্মক ঘটনাত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ লালুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.