ETV Bharat / bharat

Manipur Voilence : মণিপুৰৰ হিংসাত্মক ঘটনাত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ লালুৰ

author img

By

Published : May 8, 2023, 1:05 PM IST

ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) মুৰব্বী লালু প্ৰসাদ যাদৱে দেশৰ অৱনতি হোৱা পৰিস্থিতিক লৈ পুনৰ এবাৰ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে (Lalu Prasad Yadav targeted central government) । এক টুইটত তেওঁ জম্মু-কাশ্মীৰ, মণিপুৰ আৰু চীনৰ বিষয়ত মোডী চৰকাৰৰ ব্যৰ্থতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ।

Manipur Voilence
Manipur Voilence

নিউজ ডেস্ক, ৮ মে' : মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে (Lalu Prasad over manipur violence) । লগতে তেওঁ জম্মু-কাশ্মীৰত বীৰ সৈনিকসকল শ্বহীদ হোৱা আৰু দেশত চীনৰ অনুপ্ৰৱেশৰ ঘটনাক লৈও উদ্বেগ প্ৰকাশ কৰিছে । আৰজেডিৰ শীৰ্ষ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে এক টুইট কৰি কৈছে যে মণিপুৰ জ্বলি আছে (RJD chief Lalu Prasad Yadav on JK issue) ।

আনহাতে, জম্মু-কাশ্মীৰৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি কৈছে, আমাৰ বীৰ সৈনিকসকলে জম্মু-কাশ্মীৰত নিজৰ প্ৰাণ উৎসৰ্গা কৰিছে কিন্তু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে প্ৰচাৰত ব্যস্ত হৈ আছে । আক্ৰমণৰ চোক তীব্ৰ কৰি লালুৱে কৈছে, "সংবাদ মাধ্যমৰ দ্বাৰা সৃষ্টি কৰা এই লোকসকলে গণতন্ত্ৰ, সম্প্ৰীতি, নিৰ্বাচনী ৰাজনীতি আৰু পদৰ মৰ্যাদা সম্পূৰ্ণৰূপে ধ্বংস কৰিছে ।"

লালু প্ৰসাদ যাদৱে তেওঁৰ টুইটটোত লিখিছে, "জম্মু-কাশ্মীৰত আমাৰ বীৰ সৈনিকসকল শ্বহীদ হৈছে, মণিপুৰ জ্বলি আছে, চীনে আমাৰ দেশত প্ৰৱেশ কৰিছে । ৫ বছৰত গুজৰাটৰ পৰা ৪০,০০০ মহিলা নিৰুদ্দেশ হৈছে । কিন্তু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে প্ৰচাৰত ব্যস্ত হৈ আছে আৰু দেশখন বিশৃংখল হৈ পৰিছে । সংবাদ মাধ্যমৰ দ্বাৰা সৃষ্টি কৰা এই লোকসকলে গণতন্ত্ৰ, সম্প্ৰীতি, নিৰ্বাচনী ৰাজনীতি আৰু পদ মৰ্যাদা সম্পূৰ্ণৰূপে ধ্বংস কৰিছে (Lalu Yadav criticized Narendra Modi and Amit Shah) ।"

উল্লেখ্য যে মণিপুৰৰ ৰাজধানী ইম্ফলত ৩ মে'ত ৰাজ্যখনৰ জনজাতীয় লোকসকলে এক সংহতি পদযাত্ৰা উলিয়ায় । তেতিয়াৰে পৰাই ৰাজ্যখনত বৃহৎ মাত্ৰাত হিংসাত্মক ঘটনা সংঘটিত হয় (Manipur Violence) । পৰিস্থিতি এনেকুৱা হৈ পৰে যে আক্ৰমণকাৰীসকলক দেখা মাত্ৰকে গুলীচালনা কৰিবলৈও নিৰ্দেশ দিয়া হয় । যাৰ বাবে উত্তৰ-পূবৰ ৰাজ্যখনত পৰিৱেশ এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে ।

আনহাতে, এই হিংসাত্মক ঘটনাত ৫৪ জন লোকে প্ৰাণ হেৰুৱাবলগা হৈছে । ইফালে শেহতীয়াকৈ জম্মুত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কেইবাজনো সেনা জোৱান শ্বহীদ হৈছে । এই বিষয়তো লালু প্ৰসাদ যাদৱে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । ইয়াৰ পূৰ্বে জেডিইউৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙেও মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাক দোষাৰোপ কৰি আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ।

লগতে পঢ়ক :Manipur Violence: আগৰতলালৈ সুকলমে উভতিল মণিপুৰত অধ্যয়নৰত শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.