Manipur Violence: আগৰতলালৈ সুকলমে উভতিল মণিপুৰত অধ্যয়নৰত শিক্ষাৰ্থী

By

Published : May 8, 2023, 12:46 AM IST

thumbnail

আগৰতলা, 7 মে’ : অশান্তজৰ্জৰ মণিপুৰ (Manipur Violence) ৷ ৰাজ্য চৰকাৰৰ সহায়ত বিশেষ নৈশ বিমানেৰে মণিপুৰৰ পৰা আগৰতলালৈ উভতি আহিছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী । নিশা আগৰতলা বিমানবন্দৰত পৰিবহণ মন্ত্ৰী সুশান্ত চৌধুৰী, বিজেপিৰ ৰাজ্যিক সম্পাদিকা পপিয়া দত্ত, অমিত ৰক্ষিতৰ উপস্থিতিতি ছাত্ৰ-ছাত্ৰীসকলক সুকলমে নিজ গৃহলৈ উভতাই আনে (Medical students returned to Agartala from Manipur) ৷  

মণিপুৰৰ পৰা ত্ৰিপুৰাৰ ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনাৰ বাবে ৰাজ্য দুখনৰ বিষয়াসকলৰ মাজত এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত মুখ্য সচিব জে কে সিনহা আৰু ৰাজ্যিক আৰক্ষী সঞ্চালক প্ৰধান অমিতাভ ৰঞ্জনকে ধৰি জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । ইয়াৰ পিচতে মণিপুৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক সুকলমে ঘূৰাই আনিবলৈ ৰাজ্য চৰকাৰে মণিপুৰলৈ এটা বিশেষ দল প্ৰেৰণ কৰিছিল ৷ স্বগৃহত উপস্থিত হৈ স্বস্তিৰ নিশ্বাস এৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ এনে পৰিস্থতি আগতে কাহানিও প্ৰত্যক্ষ কৰা নাই বুলি কৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰেহি ৷ ইফালে নিজ সন্তানক কাষত পাই আনন্দিত হয় ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালৰ লোকসকল ৷  

লগতে পঢ়ক: Jorhat Porn video case: মানসিক তৃপ্তিৰ বাবেই প্ৰস্তুত কৰিছিল নগ্ন ভিডিঅ’; জেৰাত স্বীকাৰ অভিযুক্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.