ETV Bharat / bharat

কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে পশ্চিমবংগত চিবিআইৰ অভিযান

author img

By

Published : Jan 13, 2021, 4:53 PM IST

কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে পশ্চিমবংগত চিবিআইৰ অভিযান
কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে পশ্চিমবংগত চিবিআইৰ অভিযান

কয়লাৰ অবৈধ খনন আৰু চোৰাং কাৰ্যৰ বিৰুদ্ধে পশ্চিমবংগৰ আসনসোল, দূৰ্গাপুৰ আৰু ৰাণীগঞ্জৰ ১০ টাকৈ স্থানত বুধবাৰে অভিযান চলাই চিবিআইয়ে । অভিযানৰ দলটোত আছিল প্ৰায় ৭৫ গৰাকী চিবিআইৰ বিষয়া ।

নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী : শেহতীয়াকৈ দেশত কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চিবিআই । বিগত বছৰৰ ২৮ নৱেম্বৰত চিবিআইৰ দুৰ্নীতি নিবাৰক শাখাই পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ প্ৰায় ৪৫ টা স্থানত কয়লা চিণ্ডিকেট সন্দৰ্ভত বৃহৎ অভিযান চলাইছিল । এইবাৰ পশ্চিমবংগত চেন্ট্ৰেল ব্য়ুৰো অব ইনভেষ্টিগেচন (চিবিআই)ৰ দলৰ এক বৃহৎ অভিযান । কয়লাৰ চোৰাং বেহাৰ বিৰুদ্ধে ৰাজ্য়খনৰ ১০ টাকৈ স্থানত চিবিআইয়ে চলালে এই অভিযান ।

কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে পশ্চিমবংগত চিবিআইৰ অভিযান
কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে পশ্চিমবংগত চিবিআইৰ অভিযান

ইষ্টাৰ্ণ ক'লফিল্ড লিমিটেড (ইচিএল)ত কয়লাৰ অবৈধ খনন আৰু চোৰাং কাৰ্যৰ বিৰুদ্ধে পশ্চিমবংগৰ আসনসোল, দূৰ্গাপুৰ আৰু ৰাণীগঞ্জৰ ১০ টাকৈ স্থানত বুধবাৰে অভিযান চলাই চিবিআইয়ে । সূত্ৰৰ মতে, কয়লা মাফিয়া অনুপ মাঝি ওৰফে লালা আৰু তেওঁৰ আত্মীয়ৰ ঘৰত চলা এই অভিযানৰ দলটোত আছিল প্ৰায় ৭৫ গৰাকী চিবিআইৰ বিষয়া ।

ইয়াৰ পূৰ্বে অৰ্থাৎ সোমবাৰে এনফৰ্ছমেন্ট ডিৰেক্টৰেট(ইডি)য়ে ৰাজ্য়খনৰ ১২ টা স্থানত কয়লা চিণ্ডিকেট সন্দৰ্ভত অভিযান চলাইছিল । ব্য়ৱসায়ী গণেশ বাগাদিয়া আৰু সঞ্জয় সিঙৰ ঘৰ লগতে কাৰ্যালয়ত চলা অভিযানো আছিল তাৰ ভিতৰত । উল্লেখ্য যে, মিশ্ৰ নামৰ এজন ব্য়ক্তিৰ সহযোগত অনুপ মাঝিয়ে, বাগাদিয়া আৰু সঞ্জয়ৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি ৰাজ্য়খনত কয়লা চিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

জানিব পৰা মতে, আয়কৰ বিভাগেও বুধবাৰে বুৰাবজাৰ অঞ্চলত বেআইনীভাবে জন্তু সৰবৰাহ আৰু অবৈধ সম্পত্তি গঢ়াৰ অভিযোগত প্ৰাক্তন বিধায়ক মহম্মদ সোহৰাবৰ ঘৰ আৰু হোটেলত অভিযান চলায় ।

লগতে পঢ়ক :কেপিট'ল আক্ৰমণৰ অপৰাধত গ্ৰেপ্তাৰ ন্য়ায়াধীশৰ পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.