ETV Bharat / bharat

BSF জোৱানৰ আত্মহত্যাক লৈ ত্ৰিপুৰাত ৰহস্য

author img

By

Published : Feb 24, 2022, 10:34 PM IST

BSF জোৱানৰ আত্মহত্যাক লৈ ত্ৰিপুৰাত ৰহস্য
BSF জোৱানৰ আত্মহত্যাক লৈ ত্ৰিপুৰাত ৰহস্য

ত্ৰিপুৰাৰ ধলাই জিলাৰ গন্দাচোৰাত চাঞ্চল্যকৰ ঘটনা । ছাৰ্ভিছ ৰাইফলৰে গুলীয়াই আত্মহত্যা BSF জোৱানৰ। হত্যা নে আত্মহত্যা তাক লৈ সৃষ্টি ৰহস্য ।

আগৰতলা,২৪ ফেব্ৰুৱাৰীঃ এজন BSF জোৱানৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই জোকাৰিছে ত্ৰিপুৰা(BSF jawan reportedly committed suicide) । নিজৰ চাৰ্ভিচ ৰাইফলৰে গুলীয়াই আত্মহত্যা কৰে জোৱানজনে । ত্ৰিপুৰাৰ ধলাই জিলাৰ গন্দাচেৰা উপ-সংমণ্ডলত সংঘটিত এই ঘটনা ।

আৰক্ষী সুত্ৰই জনোৱা অনুসৰি বুধবাৰে নিশা প্ৰায় ১০ বজাত সীমান্তৰ চকীক কৰ্তব্যৰত অৱস্থাত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা । আত্মহত্যা কৰা জোৱানজন তামিলনাডুৰ সাতপুৰ অঞ্চলৰ ৰেংগাম বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।

এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি মৃত জোৱানজনে ১২২ বেটেলিয়নৰ বিএছএফৰ ই-কোম্পানীত কাম কৰি আছিল । ঘটনা সংঘটিত হোৱা নিশা তেওঁ ণ্ডাচেৰা উপ-বিভাগৰ ৰাইশ্যাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চি.কে. বাৰী অঞ্চলৰ এটা BOP ত কৰ্তব্যত নিয়োজিত আছিল । নিশা প্ৰায় ১০:১০ বজাত তেওঁ নিজৰ চাৰ্ভিচ ৰাইফলৰে ডিঙিত গুলী কৰিছিল বুলি জনাই আৰক্ষী বিষয়া গৰাকীয়ে ।

গুলীবৰ্ষণৰ শব্দ শুনি আন জোৱানসকলো ঘটনাস্থলীত উপস্থিত হয় । লগে লগে ৰাইশ্যবাৰী প্ৰাথমিক স্বাস্থ্য সেৱালৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে জোৱানজনক । মৃত জোৱানজনক বৃহস্পতিবাৰে পুৱা মৰণোত্তৰ পৰীক্ষাৰ বাবে গণ্ডাচেৰা উপ-বিভাগীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে । প্ৰকৃতাৰ্থত এয়া আত্মহত্যা নে হত্যা এতিয়াও ৰহস্যৰ আৱৰ্তত ।

লগতে পঢ়কঃ Russia-Ukraine Crisis : নতুন দিল্লীলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.