পিতৃয়ে গালি দিয়াৰ বাবে আত্মহত্যাৰ সিদ্ধান্ত কিশোৰৰ
Published: Nov 18, 2023, 2:29 PM

পিতৃয়ে গালি দিয়াৰ বাবে আত্মহত্যাৰ সিদ্ধান্ত কিশোৰৰ
Published: Nov 18, 2023, 2:29 PM
অনলাইন গেমৰ বাবে চিঙিত চিপ ল’লে 16 বছৰীয়া কিশোৰে ৷ ঘটনা সন্দৰ্ভত মুম্বাইৰ মালৱানী থানাত গোচৰ পঞ্জীয়ন কৰা হৈছে ।
নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ: অনলাইন গেমৰ প্ৰতি থকা আসক্তিৰ বাবেই অকালতে মৃত্যুক সাৱটিলে এটি 16 বছৰীয়া কিশোৰে ৷ অনবৰতে মোবাইল ফোনত গেম খেলি থকাৰ বাবে পিতৃৰ খং উঠাত 16 বছৰীয়া এজন কিশোৰে আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ পোহৰলৈ আহিছে । ঘটনা সন্দৰ্ভত মুম্বাইৰ মালৱানী থানাত গোচৰ পঞ্জীয়ন কৰা হৈছে । বৃহস্পতিবাৰৰ নিশা কিশোৰজনে আত্মহত্যা কৰে আৰু শুকুৰবাৰৰ পুৱা উক্ত কাণ্ডটি পোহৰলৈ আহে ।
মালৱানী আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, "একাদশ শ্ৰেণীৰ ছাত্ৰজনে ইয়াৰ পূৰ্বেও পৰিয়ালৰ লোকক খেল খেলাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিলে পৰিয়ালৰ ক্ষতি কৰাৰ ভাবুকি দিছিল । কিশোৰজন মোবাইলত উপলব্ধ অনলাইন গেম খেলাৰ ক্ষেত্ৰত সাংঘাতিকভাৱে আসক্ত আছিল । বৃহস্পতিবাৰৰ নিশা তেওঁৰ পিতৃয়ে অনলাইন গেমৰ প্ৰতি থকা তেওঁৰ আসক্তিৰ বাবে প্ৰচণ্ড খং কৰে আৰু কিশোৰজনৰ পৰা ফোনটো লৈ যায় । পৰৱৰ্তী সময়ত শুকুৰবাৰৰ পুৱা 8 বজাত ঘৰটোৰ পাকঘৰত কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰে তেওঁৰ পৰিয়ালৰ লোকে । লগে লগে পিতৃয়ে ল’ৰাটোক এখন নাৰ্ছিং হোমলৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । ইয়াৰ পিছতে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰিৱলীৰ ভাগৱতী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।"
এই গোচৰত মালৱানী থানাত আকস্মিক মৃত্যুৰ গোচৰ পঞ্জীয়ন কৰা হৈছে । মালৱানী আৰক্ষীয়ে জনোৱা মতে, পৰিয়ালৰ লোকৰ বক্তব্যও লিপিবদ্ধ কৰা হৈছে । এটা সৰু কাৰণৰ বাবেই এজন 16 বছৰীয়া কিশোৰে চাদৰেৰে চিপ লৈ নিজৰ জীৱন শেষ কৰি দিয়াৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰাত স্থানীয় লোকৰ লগতে বিভিন্ন মহলত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে ৷
লগতে পঢ়ক: পুনৰ ভয়াৱহ হৈছে দিল্লীৰ বায়ু প্ৰদূষণ
