ETV Bharat / bharat

পুনৰ ভয়াৱহ হৈছে দিল্লীৰ বায়ু প্ৰদূষণ

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:16 PM IST

শুকুৰবাৰে পুৱা দিল্লীৰ বায়ুৰ সূচাংক পুনৰ ৪৩৭ স্পৰ্শ কৰিছে । লগে লগে উদ্বিগ্ন হৈ পৰিছে চৰকাৰ তথা জনসাধাৰণ । দীপাৱলীৰ সময়ত আতজবাজী আৰু শস্যৰ অৱশিষ্ট জ্বলোৱাৰ ফলত ৰাজধানীৰ বায়ু প্ৰদূষণ বৃদ্ধি পাইছে ।

Delhi air quality
পুনৰ ভয়াৱহ হৈছে দিল্লীৰ বায়ু প্ৰদূষণ

নেশ্যনেল ডেস্ক,১৭ নৱেম্বৰ : দেশৰ ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণ পুনৰ এবাৰ গুৰুতৰ হৈ পৰিছে । শেহতীয়া তথ্য অনুসৰি দিল্লীৰ বায়ুমণ্ডলৰ সূচাংকৰ যথেষ্ট অৱনতি হৈছে । বায়ুমণ্ডলৰ সূচাংক বৃহস্পতিবাৰে বিয়লি ৪১৯ ত উপনীত হৈছিল । আনহাতে শুকুৰবাৰে পুৱা ৭ বজাত বায়ুমণ্ডলৰ সূচাংক ৪৩৭ স্পৰ্শ কৰিছে । যাক গুৰুতৰ বুলি ধৰা হৈছে ।

যোৱা সপ্তাহত দীপাৱালীৰ পূৰ্বে বৰষুণৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা কিছু উন্নত হৈছিল । কিন্তু আতচবাজী আৰু সমীপৰ ৰাজ্যবোৰত শস্যৰ অৱশিষ্ট জ্বলোৱাৰ ফলত পৰিস্থিতি পুনৰ অৱনতি হৈছে । দিল্লীৰ উপৰিও ইয়াৰ চুবুৰীয়া চহৰবোৰত বায়ুৰ সূচাংক 'অতি বেয়া'ৰ পৰা 'গুৰুতৰ' শ্ৰেণীত উপনীত হৈছে । গুৰুগ্ৰামত বায়ুৰ সূচাংক (একিউআই) ৪০৪, গ্ৰেটাৰ নয়ডাত ৩১৩, নয়ডাত ৩৬৬, গাজিয়াবাদত ৩৭৪ আৰু ফৰিদাবাদত ৪১৫ আছিল ।

জনস্বাস্থ্যৰ বাবে ভাবুকি হৈ পৰিছে দিল্লীৰ বায়ু প্ৰদূষণ । ইয়াৰ ফলত জনসাধাৰণ ব্যাপক সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে । ইফালে দিল্লী চৰকাৰেও প্ৰদূষণ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে । বায়ুৰ সূচাংক ৪৫০ অতিক্ৰম কৰাৰ লগে লগে যুগ্ম-অযুগ্মভিত্তিত যান-বাহনৰ নম্বৰ প্লেটৰ চলাচলৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে ।

ইফালে ডিজেল ট্ৰাকৰ প্ৰৱেশ আৰু নিৰ্মাণ কাৰ্যকলাপৰ ওপৰতো নিষেধাজ্ঞা আপোৰ কৰা হৈছে । উল্লেখ্য যে বায়ু প্ৰদূষণৰ ৬ টা শ্ৰেণী আছে । বায়ুৰ সূচাংক শূন্যৰ পৰা ৫০লৈ ভাল শ্ৰেণীৰ ভিতৰত পৰে । একেদৰে ৫১ ৰ পৰা ১০০লৈ সন্তোষজনক, ১০১ ৰ পৰা ২০০ লৈ মধ্যমীয়া শ্ৰেণী, ২০১ৰ পৰা ৩০০ লৈ বেয়া, ৩০১ ৰ পৰা ৪০০ লৈ অতি বেয়া শ্ৰেণী, ৪০১ ৰ পৰা ৪৫০ লৈ গুৰুতৰ শ্ৰেণী আৰু ৪৫০ ৰ ওপৰত অতি গুৰুতৰ শ্ৰেণী বুলি গণ্য কৰা হয় ।

দিল্লী চৰকাৰ আৰু আইআইটি কানপুৰৰ এক অধ্যয়ন অনুসৰি যান-বাহনৰ পৰা নিৰ্গত গেছে ৰাষ্ট্ৰীয় ৰাজধানীৰ বায়ু প্ৰদূষণত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় । সেয়েহে ৰাজ্য চৰকাৰে যুগ্ম-অযুগ্ম ব্যৱস্থাৰ আশ্ৰয় লৈছে ।

লগতে পঢ়ক :ম্যানমাৰত হিংসা বন্ধৰ আহ্বান ভাৰতৰ; গঠনমূলক আলোচনাৰে সমস্যা সমাধানৰ আশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.