ETV Bharat / bharat

Crackdown on Amritpal: অমৃতপালক গ্ৰেপ্তাৰৰ বাবে নেপাল সীমান্তত বৃদ্ধি নিৰাপত্তা ব্যৱস্থা

author img

By

Published : Mar 23, 2023, 10:47 PM IST

Crackdown on Amritpal
অমৃতপালক গ্ৰেপ্তাৰৰ বাবে নেপাল সীমান্তৰ সকলো অঞ্চলত বৃদ্ধি নিৰাপত্তা ব্যৱস্থা

অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ পঞ্জাৱৰ লগতে হাৰিয়ানা, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত জাৰি কৰা হৈছে সতৰ্কবাণী ৷ নেপালৰ সীমান্তৱৰ্তী অঞ্চলসমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা (Crackdown on Amritpal Singh) ৷

নেশ্যনেল ডেস্ক, 23 মাৰ্চ: খালিস্তানপন্থী সংগঠন ‘ৱাৰিছ পঞ্জাৱ দে’ৰ (Waris Punjab De) মুৰব্বী অমৃতপাল সিঙৰ সন্ধানত আৰক্ষীয়ে ব্যাপক কৰি তুলিছে অভিযান ৷ পঞ্জাৱ আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতে তৎপৰ হৈ পৰিছে উত্তৰাখণ্ড আৰক্ষী (Amritpal Singh search operation) ৷ উত্তৰাখণ্ড আৰক্ষীয়ে বন্ধ কৰি দিছে ৰাজ্যখনৰ পৰা নেপাললৈ যাব পৰা সকলো পথ ৷ অমৃতপাল সিঙে নেপাললৈ পলাই যোৱাৰ আশংকা প্ৰকাশ কৰি সকলো সীমান্ত পথ বন্ধ কৰি দিয়াৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰক্ষীয়ে ৷ সীমান্তত নিয়োজিত কৰা হৈছে এছ.টি.এফ বাহিনী (Uttarakhand Border Sealed) ৷

অমৃতপাল সিঙক পলাতক ঘোষণা কৰাৰ পাচৰে পৰা সষ্টম হৈ আছে হাৰিয়ানা আৰক্ষীও ৷ তথ্য অনুসৰি যি কোনো মূহুৰ্তত অমৃতপাল সিঙে নেপাললৈ পলায়ন কৰিব পাৰে ৷ সেয়ে নেপালৰ সীমান্তৱৰ্তী ভাৰতৰ ৰাজ্যসমূহত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে সতৰ্কতা জাৰি কৰা হৈছে ৷ নেপাল সীমান্তৰ লগতে হিমাচল প্ৰদেশৰ সীমান্ততো বৃদ্ধি কৰা হৈছে আৰক্ষী অভিযান ৷ কেৱল এয়াই নহয়, উত্তৰ প্ৰদেশ সীমান্ততো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা (Amritpal Singh declared fugitive)৷

অমৃতপাল সিং সন্দৰ্ভত ইতিমধ্যেই বহু তথ্য লাভ কৰা বুলি সদৰী কৰিছে পঞ্জাৱ আৰক্ষীয়ে ৷ পঞ্জাৱ আৰক্ষীৰ তথ্য অনুসৰি নেপাললৈ পলায়ন কৰিবলৈ অমৃতপাল সিঙে উত্তৰাখণ্ডৰ পথ ল’ব পাৰে ৷ ৰাজ্যখনত এই সন্দৰ্ভত জাৰি কৰা হৈছে সতৰ্কবাণী ৷ মুঠৰ ওপৰত এতিয়া অমৃতপাল সিঙে টোপনি কাঢ়িছে কেইবাখনো ৰাজ্যৰ আৰক্ষীৰ ৷

পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙৰ শেহতীয়া অৱস্থিতি ধৰা পৰা বুলিও বৃহস্পতিবাৰে সদৰী কৰে এক সংবাদমেলত (Amritpal Singh last location) ৷ হাৰিয়ানাত অমৃতপাল সিঙৰ শেহতীয়া অৱস্থিতি ধৰা পৰা বুলি মন্তব্য় এগৰাকী আৰক্ষী বিষয়াৰ ৷ ইতিমধ্যেই অমৃতপাল সিঙক আশ্ৰয় প্ৰদান কৰাৰ অভিযোগত হাৰিয়ানাৰ পৰা বলজিৎ কৌৰ নামৰ এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে (Woman arrested in connection with Amritpal) ৷

লগতে পঢ়ক: Manhunt for Amritpal Singh: আৰক্ষীৰ মতে অমৃতপাল সিঙৰ শেহতীয়া অৱস্থিতি কুৰুক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.