ETV Bharat / bharat

Book on Siddaramaiah : কৰ্ণাটকৰ বিৰোধী নেতাৰ ওপৰত মানহানিকৰ গ্ৰন্থ, উন্মোচনত আদালতৰ স্থগিতাদেশ

author img

By

Published : Jan 9, 2023, 4:50 PM IST

Updated : Jan 9, 2023, 6:58 PM IST

Karnataka
Karnataka

কৰ্ণাটকৰ বিৰোধী দলৰ নেতা তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্ধাৰামাইয়াই "চিদ্দু নিজাকানাচুগালু" গ্ৰন্থখনৰ ওপৰত মন্তব্য কৰি কয় যে, গ্ৰন্থখনত তেওঁক টিপু চুলতানৰ সৈতে তুলনা কৰা হৈছে । এয়া হৈছে তেওঁক নিৰ্বাচনৰ পূৰ্বে "অপমানিত" কৰাৰ প্ৰয়াস । আনহাতে, গ্ৰন্থখনৰ উন্মোচন স্থানীয় আদালতে স্থগিত ৰাখে (Siddu Nijakanasugalu book controversy) ।

নিউজ ডেস্ক, ৯ জানুৱাৰী : কৰ্ণাটকৰ এখন স্থানীয় আদালতে "চিদ্দু নিজাকানাচুগালু" শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰাত স্থগিতাদেশ দিছে (Karnataka court stayed release of Siddu Nijakanasugalu) । উক্ত গ্ৰন্থখনত কৰ্ণাটকৰ বিৰোধী দলৰ নেতা আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্ধাৰামাইয়াক (Karnataka leader of Opposition Siddaramaiah) বেটুপাতত টিপু চুলতানৰ সৈতে তুলনা কৰা আৰু তোষণৰ ৰাজনীতিক প্ৰশ্ৰয় দিয়াৰ বাবে সমালোচনা হোৱাৰ বাবে বিতৰ্কত জড়িত হৈ পৰিছে । গ্ৰন্থখনত সিদ্ধাৰামাইয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰৰ সময়ত তথাকথিত অপশাসন আৰু তেওঁৰ "তোষণৰ ৰাজনীতি" সম্পৰ্কে লিখা হৈছে (Siddu Nijakanasugalu book controversy) ।

লগতে গ্ৰন্থখনত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ সৈতে সম্পৰ্কিত কিছুমান বিতৰ্কিত আৰু সাম্প্ৰদায়িকভাৱে সংবেদনশীল বিষয় আৰু ঘটনাৰ ওপৰতো আলোকপাত কৰা বুলি জানিব পৰা গৈছে (senior Congress leader Siddaramaiah) । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সিদ্ধাৰামাইয়াই সোমবাৰে কয় যে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁক অপমানিত কৰাৰ উদ্দেশ্যৰে গ্ৰন্থখন লিখা হৈছে । তেওঁ গ্ৰন্থখনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ ইংগিত দি গ্ৰন্থখনক "সম্পূৰ্ণ মানহানিকৰ" বুলিও অভিহিত কৰে ।

"মই নাজানো যে জণ্ডিচৰ চকুৰে চোৱাসকলৰ বাবে সকলো ৰঙেই হালধীয়া । যিয়ে টিপুৰ (অষ্টাদশ শতিকাৰ আৰম্ভণিৰ মহীশূৰ ৰাজ্যৰ শাসক টিপু চুলতান) দৰে পোছাক পিন্ধিছিল আৰু তেওঁলোকে হাতত তৰোৱাল ধৰিছিল, সেয়া আছিল য়েডিয়ুৰাপ্পা আৰু শোভা কাৰান্দলাজ । টিপুৰ ওপৰত শ্বেখ আলীৰ কিতাপখনৰ পাতনি কোনে লিখিছিল, এইটো দ্বৈততা নহয় নেকি ?" কিতাপখনৰ আঁৰত বিজেপিৰ ভূমিকাৰ অভিযোগ উত্থাপন কৰি সিদ্ধাৰামাইয়াই এনেদৰে কয় (Siddaramaiah compared with Tipu Sultan) ।

"নিৰ্বাচনৰ পূৰ্বে মোক অপমানিত কৰাৰ উদ্দেশ্যেই তেওঁলোকে এখন কিতাপ উলিয়াইছে । এইটো সম্পূৰ্ণৰূপে মানহানিকৰ । আইনীভাৱে কি কৰিব লাগিব মই চাম ।" তেওঁ লগতে কয় । উল্লেখ্য, গ্ৰন্থ উন্মোচনী অনুষ্ঠান সন্দৰ্ভত সোমবাৰে প্ৰকাশ কৰা কিছু পোষ্টাৰত গ্ৰন্থখনৰ কেইটামান প্ৰতিলিপি দেখুওৱা হৈছে, য'ত টিপু চুলতানৰ দৰে পোছাক পিন্ধা আৰু তৰোৱাল ধৰি থকা চিদ্দাৰামাইয়াৰ ছবি আছে ।

পোষ্টাৰত প্ৰকাশ পোৱা অনুসৰি, অনুষ্ঠানটোৰ সভাপতিত্ব কৰিব উচ্চ শিক্ষা মন্ত্ৰী চি এন অশ্বথ নাৰায়ণে । তেৱেঁই গ্ৰন্থখন উন্মোচন কৰিব । বিজেপিৰ এমএলচি চলবাদী নাৰায়ণস্বামী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । য'ত পাঠ্যপুথি পৰ্যালোচনা সমিতিৰ নেতৃত্ব দিয়া লেখক ৰোহিত চক্ৰতীৰ্থ, সাংবাদিক সন্তোষ থাম্মায়া, বৃষাঙ্ক ভাট, বিক্ৰম সংবাদৰ সম্পাদক আৰু এগৰাকী লেখক আৰু সমাজকৰ্মী ৰাকেশ শেট্টীয়ে অংশগ্ৰহণ কৰিব ।

অনুষ্ঠানটোৰ বিষয়ে টুইট কৰি আৰু তাত ৰাইজক যোগদান কৰিবলৈ আহ্বান জনাই অশ্বথ নাৰায়ণে কয়, "চিদ্দু নিজাকানাচুগালু নামৰ গ্ৰন্থখনৰ জৰিয়তে বহুতো সংবেদনশীল বিষয় প্ৰকাশ কৰাৰ লগতে বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱাৰ প্ৰচেষ্টাক মই প্ৰশংসা কৰোঁ । মই এই কিতাপখনৰ ৰাজহুৱা উন্মোচনত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ ।"

ইফালে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইনী কোষে আৰক্ষীৰ কাষ চাপিছে । তেওঁলোকে এই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানটোৰ অনুমতি বাতিল কৰিবলৈ আৰু "আইন-শৃংখলা পৰিস্থিতি"ৰ কথা মনত ৰাখি আয়োজকসকলক এই কাৰ্যত আগবাঢ়িবলৈ অনুমতি নিদিবলৈ আবেদন জনাইছে । আবেদনখনত অভিযোগ কৰা হৈছে যে সম্প্ৰীতি আৰু আইন-শৃংখলা বিঘ্নিত কৰাৰ ষড়যন্ত্ৰৰে সিদ্ধাৰামাইয়াৰ ছবিখন বিকৃত কৰা হৈছে ।

লগতে পঢ়ক :Youths arrested for misbehaving: বিমানত এয়াৰ হোষ্টেছৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ

Last Updated :Jan 9, 2023, 6:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.