MAHA politics in Guwahati: ৰেডিশ্বন ব্লুলৈ কিয় সঘন তাঁত-বাতি পীযুষ হাজৰিকাৰ ?

author img

By

Published : Jun 23, 2022, 9:33 PM IST

MAHA politics in Guwahati

বিজেপিয়ে কোনো কাৰণতে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ এই সুযোগ এৰি দিব বিচৰা নাই (Maharashtra Political crisis)। বিগত দুদিন ধৰি গুৱাহাটী দেশৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যদিও 'গেইম চেইঞ্জাৰ' হিচাপে খ্যাতি থকা অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সন্মুখলৈ আহি এই ঘটনা প্ৰৱাহক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই (MAHA politics in Guwahati)। কিন্তু সন্মুখলৈ নাহিলেও কিন্তু তেওঁ আঁৰৰ পৰাই সকলো নিয়ন্ত্ৰণ কৰি আছে বুলি ধাৰণা কৰা হৈছে ।

গুৱাহাটী, ২৩ জুন : মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ সমীকৰণ এতিয়াও মিলা নাই বিজেপি আৰু বিসম্বাদী শিৱসেনাৰ বিধায়কৰ (Maharashtra Political crisis)। বিসম্বাদী বিধায়কসকলক নেতৃত্ব দিয়া একনাথ সিন্দেই দাবী কৰিলেও চৰকাৰ গঠনৰ দিশে এতিয়াও আগবাঢ়িব পৰা নাই । যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ৰেডিশ্বন ব্লুত এখনৰ পাছত আনখনকৈ ৰুদ্ধদ্বাৰ বৈঠক চলি আছে (Frequent meeting in Redisson blu) ।

ইফালে বিজেপিয়ে কোনো কাৰণতে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ এই সুযোগ এৰি দিব বিচৰা নাই । বিগত দুদিন ধৰি গুৱাহাটী দেশৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যদিও 'গেইম চেইঞ্জাৰ' হিচাপে খ্যাতি থকা অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সন্মুখলৈ আহি এই ঘটনা প্ৰৱাহক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । কিন্তু সন্মুখলৈ নাহিলেও কিন্তু তেওঁ আঁৰৰ পৰাই সকলো নিয়ন্ত্ৰণ কৰি আছে বুলি ধাৰণা কৰা হৈছে ।

গুৱাহাটীত আহি বাহৰ পাতি থকা শিৱসেনাৰ বিসম্বাদী (Rebel MAHA MLAs in Guwahati) গোটৰ সৈতে প্ৰত্যক্ষ যোগাযোগত আছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাজনো ঘনিষ্ঠ । বিশেষকৈ মন্ত্রী পীযুষ হাজৰিকাই তেওঁলোকৰ সৈতে সঘন বৈঠকত মিলিত হৈছে ।

লগতে পঢ়ক : MAHA political updates : যিকোনো মূহুৰ্তত বিজেপিয়ে গঠন কৰিব পাৰে চৰকাৰ !

বৃহস্পতিবাৰে দিনৰ ভাগত দীৰ্ঘ সময় থকাৰ পিছত সন্ধিয়া ৭ বজাত পুনৰ তেওঁ ৰেডিশ্বন ব্লুত উপস্থিত হৈ বিসম্বাদী বিধায়কসকলক সাক্ষাৎ কৰে (Pijush Hazarika Meets Rebel MAHA MLAs) । ইফালে মন্ত্রী অশোক সিংঘাল আৰু সাংসদ পল্লৱ লোচন দাস তেওঁলোকৰ সৈতে ইতিমধ্যে যোগাযোগত আছে । কিন্তু সমগ্ৰ বিষয় সন্দৰ্ভত কোনেও মুখ খোলা নাই । সকলো নীৰৱ হৈ আছে । ইফালে বৃহস্পতিবাৰে বিয়লি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাও আহি উপস্থিত হৈছিল হোটেল ৰেডিশ্বন ব্লুত (Conrad Sangma in Radisson Blu) ৷

ইফালে, সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেয়ে বৃহস্পতিবাৰে কয় যে, যিকোনো সময়তে মহাৰাষ্ট্ৰৰ মহা বিকাশ অঘড়ী চৰকাৰ ভংগ হ'ব পাৰে ৷ লগে লগে প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ নেতৃত্বত এখন নতুন চৰকাৰ গঠন কৰা হ'ব পাৰে (BJP would form govt in Maharashtra)।

লগতে পঢ়ক : Maha political Drama: কাৰ হাতত মহাৰাষ্ট্ৰ চৰকাৰৰ ৰিম’ৰ্ট ?

প্ৰায় ৪২ জন বিধায়কে বিদ্ৰোহী একনাথ সিন্দেৰ পক্ষ লোৱাৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাৰ আঁৰত বিজেপিৰ কোনো ভূমিকা আছে বুলি উৰা বাতৰি ওলাইছে ৷ ইয়াক নস্যাৎ কৰি আঠৱালেয়ে কয় যে, ২০১৯ চনত শিৱসেনাই কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ পিছত বিজেপিক প্ৰতাৰণা কৰিছিল ।

তেওঁ লগতে কয় যে, একনাথ সিন্দেয়ে এটা অতি সাহসী পদক্ষেপ লৈছে আৰু বিজেপিয়ে তেওঁৰ সৈতে যোগাযোগ কৰি আছে (Eknath Shinde updates)। কমেও ৪২ জন বিধায়ক এতিয়া সিন্দেৰ সৈতে আছে আৰু আশা কৰা হৈছে যে অতি সোনকালেই আৰু ৪-৫ জন বিধায়কে তেওঁৰ সৈতে যোগদান কৰিব । শিৱসেনাৰ ভিতৰত এটা গভীৰ অস্থিৰতা আছে আৰু ইয়াৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই ৷

এটা কথা ঠিক যে, যিকোনো মূহুৰ্তত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈ যাব পাৰে । বৰ্তমান দিল্লী আৰু দিছপুৰৰ ওপৰত নিৰ্ভৰ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যৎ ।

লগতে পঢ়ক : Hotel Radisson Blu-ত হঠাৎ চাহ খাবলৈ আহিল মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.