MAHA political updates : যিকোনো মূহুৰ্তত বিজেপিয়ে গঠন কৰিব পাৰে চৰকাৰ !

author img

By

Published : Jun 23, 2022, 9:01 PM IST

MAHA political updates

যিকোনো সময়তে মহাৰাষ্ট্ৰৰ মহা বিকাশ অঘড়ী চৰকাৰ ভংগ হ'ব পাৰে (Union Minister Athawale at press conference)৷ লগে লগে প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ নেতৃত্বত এখন নতুন চৰকাৰ গঠন কৰা হ'ব পাৰে (MVA govt can be formed in Maharashtra says Athawale)। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ ৷

নিউজ ডেস্ক, 23 জুন: কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেয়ে বৃহস্পতিবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, যিকোনো সময়তে মহাৰাষ্ট্ৰৰ মহা বিকাশ অঘড়ী চৰকাৰ ভংগ হ'ব পাৰে (Union Minister Athawale at press conference)৷ লগে লগে প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ নেতৃত্বত এখন নতুন চৰকাৰ গঠন কৰা হ'ব পাৰে (MVA govt can be formed in Maharashtra says Athawale)। প্ৰায় ৪২ জন বিধায়কে বিদ্ৰোহী একনাথ সিন্দেৰ পক্ষ লোৱাৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাৰ আঁৰত বিজেপিৰ কোনো ভূমিকা আছে বুলি উৰা বাতৰি ওলাইছে ৷ ইয়াক নস্যাৎ কৰি আঠৱালেয়ে কয় যে, ২০১৯ চনত শিৱসেনাই কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ পিছত বিজেপিক প্ৰতাৰণা কৰিছিল ।

তেওঁ কয়, "২০১৯ ৰ নিৰ্বাচনত বিজেপিয়ে ১০৫ খন আসন লাভ কৰিছিল আৰু শিৱসেনাই ৫৬ খন আসন লাভ কৰিছিল । বিজেপিৰ সৈতে মিত্ৰতা গঠন কৰাৰ পৰিৱৰ্তে তেওঁলোকে এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা গঢ়ি তুলিছিল । তেওঁলোকে আমাক বিশ্বাসঘাতকতা কৰিছিল ৷ এতিয়া একনাথ সিন্দেয়ে এটা অতি সাহসী পদক্ষেপ লৈছে আৰু আমি তেওঁৰ সৈতে যোগাযোগ কৰি আছো । কমেও ৪২ জন বিধায়ক এতিয়া সিন্দেৰ সৈতে আছে আৰু আশা কৰা হৈছে যে অতি সোনকালেই আৰু ৪-৫ জন বিধায়কে তেওঁৰ সৈতে যোগদান কৰিব । শিৱসেনাৰ ভিতৰত এটা গভীৰ অস্থিৰতা আছে আৰু ইয়াৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই’’ ৷

উল্লেখ্য যে, ইতিমধ্যে বিসম্বাদী বিধায়কসকলে একনাথ সিন্দেক তেওঁলোক নেতা ঘোষণা কৰিছে ৷

বুধবাৰৰ পুৱাৰ পৰা দেশৰ সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লু (Maharashtra political crisis)৷ 40 গৰাকী বিধায়কক লগত লৈ এইখন হোটেলত বুধবাৰৰ পুৱাৰ পৰা বাহৰ পাতিছে মহাৰাষ্ট্ৰ শাসকীয় দলৰ বিসম্বাদী নেতা একনাথ সিন্দেয়ে (MAHA rebel MLAs) ৷ তাৰ পাচতেই ৰাজনৈতিক মহলত গুজৱ উঠে হোটেল ৰাজনীতিৰ ৷ একনাথ সিন্দেৰ এই কাৰ্যত থৰক বৰক হৈ পৰে মহাৰাষ্ট্ৰ চৰকাৰ (Rebel Eknath Shinde in Guwahati)৷ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে টুইটযোগে উল্লেখ কৰে যে, মহাৰাষ্ট্ৰ চৰকাৰ হয়তো ভংগও হ’ব পাৰে ৷

দেশৰ ৰাজনৈতিক বিশ্লেষক সকলে সমগ্ৰ ঘটনা-পৰিঘটনাক বিজেপিৰ এক ব্লুপ্ৰিন্ট বুলিও অভিহিত কৰিব খুজিছে (BJP Political conspiracy)৷ হোটেল ৰাজনীতিৰ জৰিয়তে বিজেপিয়ে মহাৰাষ্ট্ৰৰ ৰাজপাট দখল কৰিব খোজা বুলি বহুতেই মত পোষণ কৰিছে ৷

লগতে পঢ়ক : Maha political Drama: কাৰ হাতত মহাৰাষ্ট্ৰ চৰকাৰৰ ৰিম’ৰ্ট ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.