Maha political Drama: কাৰ হাতত মহাৰাষ্ট্ৰ চৰকাৰৰ ৰিম’ৰ্ট ?

By

Published : Jun 23, 2022, 8:32 PM IST

thumbnail

অসমীয়াত এষাৰ কথা আছে, ইয়াতে মাৰিলো টিপা গড়গাঁও পালেগৈ শিপা ৷ ঠিক তেনেকুৱাই হৈছে মহাৰাষ্ট্ৰ চৰকাৰৰ ক্ষেত্ৰত (Maha political Drama)৷ প্ৰথমে চুৰাট আৰু তাৰ পাচত গুৱাহাটী ৷ দলীয় একাংশ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধাচৰণত থৰক-বৰক হৈ পৰিছে মহাৰাষ্ট্ৰ চৰকাৰ (Rebel MLAs of Maharashtra) ৷ কুটিল ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে হোটেল ৰেডিশ্বন ব্লু (Epicenter of Maha political crisis) ৷ এদিনৰ ভিতৰত দেশজুৰি চৰ্চিত হোটেল ৰেডিশ্বন ব্লু ৷ মহাৰাষ্ট্ৰ চৰকাৰৰ ভৱিষ্যৎ সংৰচনা গুৱাহাটীত ৷ গুৱাহাটীৰ পৰা শক্তি প্ৰদৰ্শন একনাথ সিন্দেৰ (Eknath Shinde against Maha govt) ৷ ৰেডিশ্বন ব্লুৰ ভিতৰে-বাহিৰে এতিয়া কেৱল কৌতুহল ৷ আচলতে কাৰ হাতত আছে মহাৰাষ্ট্ৰ চৰকাৰৰ এই ৰিম’ৰ্টটো, আৰু কোনে নিয়ন্ত্ৰণ কৰিছে এই ৰিম’ৰ্ট ৷ সকলো ফাদিল হ’ব পৰৱৰ্তী সময়ত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.