Hotel Radisson Blu-ত হঠাৎ চাহ খাবলৈ আহিল মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা

author img

By

Published : Jun 23, 2022, 7:10 PM IST

Hotel Radisson Blu

গুৱাহাটীৰ ৰেডিশ্বন ব্লুলৈ শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সোঁত বোৱাৰ সময়তে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বজাত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা উপস্থিত হয় হোটেলখনত (Conrad Sangma in Radisson Blu) । ইফালে আজি ৰেডিশ্বন ব্লুত উপস্থিত হোৱা দুজন বিসম্বাদী বিধায়ক দীপক কেশৰকাৰ আৰু আশিষ জয়ছোৱালে বিয়লি ভাগত হোটেল ত্যাগ কৰি ওলাই যায় (MAHA MLAs in Radisson Blu)। অৱশ্যে তেওঁলোক ওলাই যোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা যোৱা নাই ।

গুৱাহাটী, ২৩ জুন: দেশৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা গুৱাহাটীৰ ৰেডিশ্বন ব্লুলৈ শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সোঁত বোৱাৰ সময়তে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বজাত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা উপস্থিত হয় হোটেলখনত (Conrad Sangma in Radisson Blu)। আচম্বিতে ৰেডিশ্বন ব্লুত উপস্থিত হোৱাৰ লগে লগে সাংবাদিকে মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীক ঘেৰি ধৰে ।

অৱশ্যে তেওঁ নিয়মীয়া আগমনৰ কথা উল্লেখ কৰি আহাৰ গ্ৰহণৰ বাবে অহা বুলি কয় । মহাৰ‍াষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ (Rebel MLAs of Maharashtra) সমাগম সন্দৰ্ভত তেওঁ কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে । অৱশ্যে তেওঁৰ এই অগমনে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে । এন ডি এৰে মিত্রতাত থকা মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীয়ে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ সৈতে আলোচনা কৰাৰ বাবে আহিছে বুলি জ‍নিব পৰা গৈছে ।

তেওঁ প্ৰায় আধা ঘণ্টা পাছত হোটেলৰ পৰা ওলাই যায় । ইফালে আজি ৰেডিশ্বন ব্লুত উপস্থিত হোৱা দুজন বিসম্বাদী বিধায়ক দীপক কেশৰকাৰ আৰু আশিষ জয়ছোৱালে বিয়লি ভাগত হোটেল ত্যাগ কৰি ওলাই যায় । অৱশ্যে তেওঁলোক ওলাই যোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা যোৱা নাই (MAHA MLAs in Radisson Blu)।

উল্লেখ্য যে, বুধবাৰৰ পুৱাৰ পৰা দেশৰ সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লু (Maharashtra political crisis)৷ 40 গৰাকী বিধায়কক লগত লৈ এইখন হোটেলত বুধবাৰৰ পুৱাৰ পৰা বাহৰ পাতিছে মহাৰাষ্ট্ৰ শাসকীয় দলৰ বিসম্বাদী নেতা একনাথ সিন্দেয়ে (MAHA rebel MLAs) ৷ তাৰ পাচতেই ৰাজনৈতিক মহলত গুজৱ উঠে হোটেল ৰাজনীতিৰ ৷ একনাথ সিন্দেৰ এই কাৰ্যত থৰক বৰক হৈ পৰে মহাৰাষ্ট্ৰ চৰকাৰ (Rebel Eknath Shinde in Guwahati)৷ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে টুইটযোগে উল্লেখ কৰে যে, মহাৰাষ্ট্ৰ চৰকাৰ হয়তো ভংগও হ’ব পাৰে ৷

ইফালে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে কয় যে, প্ৰয়োজন হ’লে তেওঁ ইস্তফা দিবলৈ সাজু আছে ৷ ইতিমধ্যে চৰৰকাৰী আবাস এৰৰি ব্যক্তিগত আবাসলৈ স্থানান্তৰিত হৈছে ঠাকৰে ৷

ইয়াৰ মাজতে এতিয়া চৰ্চা হৈছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা ৷ 40 জনীয়া বিসম্বাদী বিধায়কৰ দলক বুধবাৰে বিমান বন্দৰৰ পৰা আগবঢ়াই আনিছিল হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাবে জ্ঞাত বিধায়ক সুশান্ত বৰগোঁহাই আৰু সাংসদ পল্লৱ লোচন দাস ৷ তাৰোপৰি এক সূত্ৰৰ খবৰ অনুসৰি হোটেলত তেওঁলোকৰ সৈতে মিলিত হৈছিল মুখ্যমন্ত্ৰী শৰ্মাৰ দুহাত স্বৰূপ পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা ৷ অৱশ্য়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ মন্তব্যৰ দ্বাৰা বিষয়টোৰ পৰা দূৰত্বত অৱস্থান কৰাতো বুজাবলৈ চেষ্টা কৰা দেখা যায় ৷

দেশৰ ৰাজনৈতিক বিশ্লেষক সকলে সমগ্ৰ ঘটনা-পৰিঘটনাক বিজেপিৰ এক ব্লুপ্ৰিন্ট বুলিও অভিহিত কৰিব খুজিছে (BJP Political conspiracy)৷ হোটেল ৰাজনীতিৰ জৰিয়তে বিজেপিয়ে মহাৰাষ্ট্ৰৰ ৰাজপাট দখল কৰিব খোজা বুলি বহুতেই মত পোষণ কৰিছে ৷ এক কথাত ক’বলৈ গ’লে মহাৰাষ্ট্ৰ চৰকাৰৰ ভৱিষ্যৎ এতিয়া বন্দী হৈ আছে হোটেল ৰেডিশ্বন ব্লুত ৷

লগতে পঢ়ক : Maharashtra political crisis: হোটেল ৰেডিচনৰ ৰিম'ট চলাইছে কোনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.