ETV Bharat / state

Maharashtra political crisis: হোটেল ৰেডিচনৰ ৰিম'ট চলাইছে কোনে

author img

By

Published : Jun 23, 2022, 12:39 PM IST

Updated : Jun 23, 2022, 12:50 PM IST

guwahati
Maharashtra political crisis: হোটেল ৰেডিচনৰ ৰিম'ৰ্ট চলাইছে কোনে

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱৰ্তনক লৈ উত্তাল দেশ । সকলোতে চলিছে ব্য়াপক চৰ্চা । গুৱাহাটীত বাহৰ পতা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰে বিজেপিৰ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ কুচ-কাৱাজ ( BJPs strategy for government in Maharashtra) । দিল্লী আৰু দিছপুৰৰ মাজত চলিছে সঘন যোগাযোগ ।

গুৱাহাটী,২৩ জুন: সমগ্ৰ দেশৰ দৃষ্টি নিৱদ্ধ হৈছে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত ( Hotel Radisson Blue) । কাৰণ এতিয়া দিল্লী আৰু দিছপুৰৰ ওপৰতে যেন নিৰ্ভৰ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যৎ । মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰে নেতৃত্বাধীন চৰকাৰখনৰ ভঙা-পতাৰ খেল দিল্লী আৰু দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে । যিকোনো সময়ত হ'ব পাৰে পট পৰিৱৰ্তন ।

ইতিমধ্য়ে শিৱসেনাৰ ৪২গৰাকী আৰু নিৰ্দলীয় ৭ গৰাকীকেকে ধৰি মহাৰাষ্ট্ৰৰ ৪৯ গৰাকী বিধায়কৰ সমাগম ঘটিছে হোটেলখনলৈ (Maharashtra government crisis) । বুধবাৰে পুৱা চুৰাটৰ পৰা মহাৰাষ্ট্ৰৰ ৪০ জনীয়া বিসম্বাদী বিধায়কৰ এটা দল গুৱাহাটীত উপস্থিত হোৱাৰ পাছত সিদিনাই দিনৰ ভাগত দুগৰাকী, নিশা চাৰিগৰাকী বিসম্বাদী বিধায়ক হোটেলখনত উপস্থিত হয় । তদুপৰি বৃহস্পতিবাৰে পুৱা আন সাতগৰাকী বিসম্বাদী বিধায়ক হোটেলখনত উপস্থিত হৈছেহি । আনহাতে, বিসম্বাদী আৰু বিধায়ক আহিব বুলি জানিব পৰা গৈছে।

Maharashtra political crisis: হোটেল ৰেডিচনৰ ৰিম'ৰ্ট চলাইছে কোনে
Maharashtra political crisis: হোটেল ৰেডিচনৰ ৰিম'ৰ্ট চলাইছে কোনে

এই সমগ্ৰ পৰিক্ৰমাত সম্প্ৰতি অসমৰ মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি বিশেষভাৱে চৰ্চালৈ আহিছে (Cm Himanta Biswa Sarma)। বুধবাৰৰ পৰা সমগ্ৰ দেশৰ দৃষ্টি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপটক কেন্দ্ৰ কৰি গুৱাহাটীত নিৱদ্ধ হৈ আছে যদিও মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাই কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । ইয়াৰ বিপৰীতে দেশৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰা মহাৰাষ্ট্ৰৰ ঘটনা প্ৰবাহ আৰু গুৱাহাটীত ৰাজ্যখনৰ বিসম্বাদী শিবিৰৰ অৱস্থান সম্পৰ্কত মুখ্যমন্ত্রীগৰাকীয়ে অতি সহজভাৱে হোটেলত মানুহ আহিলে জি এছ টিৰ যোগেদি চৰকাৰে ৰাজহ লাভ কৰিব বুলি মন্তব্য কৰিছে । অৱশ্য়ে মুখ্যমন্ত্রীৰ এক ঘনিষ্ঠ সূত্রই সদৰি কৰা মতে,আজি নিশা মুখ্যমন্ত্রীগৰাকীয়ে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক সাক্ষাৎ কৰিব।

আনহাতে,মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অতি ঘনিষ্ঠ মন্ত্রী পীয়ূষ হাজৰিকা, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক সুশান্ত বৰগোহাঁইক ৰেডিচনৰ সকলো দিশ তদাৰক কৰাৰ দায়িত্ব দিয়া বুলি মুখ্যমন্ত্রীৰ ঘনিষ্ঠ মহলৰ পৰা জানিব পৰা গৈছে।

Maharashtra political crisis: হোটেল ৰেডিচনৰ ৰিম'ৰ্ট চলাইছে কোনে
Maharashtra political crisis: হোটেল ৰেডিচনৰ ৰিম'ৰ্ট চলাইছে কোনে

বুধবাৰে ড৹হিমন্ত বিশ্ব শৰ্মাই নগাঁও আৰু মৰিগাঁও জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে । আনহাতে,আজি পুৱাই তেওঁ বৰাকৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে শিলচৰলৈ গৈছে । মহাৰাষ্ট্ৰৰ দৰে এখন ৰাজ্যৰ চৰকাৰ ভঙা-পতাৰ খেল গুৱাহাটীত চলি থকাৰ সময়তে কিন্তু মুখ্যমন্ত্রী শৰ্মাই গ্ৰহণ কৰা এই স্থিতি বিশেষভাৱে চৰ্চালৈ আহিছে।

অৱশ্যে ৰাজ্যৰ অতি ভয়াৱহ বান পৰিস্থিতিৰ মাজত গুৱাহাটীত ৰাজআতিথ্য দি মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক ৰাখি চৰকাৰ ভঙা-পতাৰ খেল কৰাক লৈ বিৰোধীয়ে অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত হয়টো মুখ্যমন্ত্রী শৰ্মাই সন্মূখলৈ নাহি ৰিম'ৰ্টৰ দ্বাৰা সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে।

লগতে পঢ়ক: Maharashtra Political Crisis: ৰেডিশ্বন ব্লুত উপস্থিত মহাৰাষ্ট্ৰৰ আৰু 7 বিসম্বাদী বিধায়ক

Last Updated :Jun 23, 2022, 12:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.