ETV Bharat / bharat

Nagaland Assembly Election 2023: নাগালেণ্ডত দ্বিতীয়টো কাৰ্যকালৰ বাবে অপেক্ষা বিজেপি এনডিপিপি মিত্ৰজোঁটৰ

author img

By

Published : Mar 1, 2023, 2:16 PM IST

নিৰ্বাচনৰ আনুষ্ঠানিক ফলাফল ২ মাৰ্চত ঘোষণা কৰা হ'ব আৰু এক্সিট পোলৰ ভৱিষ্যদ্বাণী সঁচা হয়নে নহয় সেয়া চাবলৈ আৰু কেইটামান ঘণ্টা অপেক্ষা কৰিব লাগিব (Nagaland Assembly Election 2023 result) । আনহাতে, নতুন চৰকাৰৰ সন্মুখত থাকিব বিভিন্ন সংগঠনৰ দ্বাৰা উত্থাপিত বিভিন্ন দাবী আৰু সমস্যাসমূহ সমাধানৰ দায়িত্ব । লগতে ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতিৰ দিশত কাম কৰিব লাগিব ।

Nagaland
Nagaland

নিউজ ডেস্ক, ১ মাৰ্চ : নাগালেণ্ড বিধানসভাৰ ৬০ জনীয়া সদস্যৰ ৫৯ জনক নিৰ্বাচিত কৰিবলৈ সোমবাৰে অনুষ্ঠিত হয় নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন (Nagaland Legislative Assembly elections 2023) । উল্লেখ্য, ৰাজ্যখনৰ আকুলুটো বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাঝেটো কিনিমীয়ে তেওঁৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী খেকাছে চুমীয়ে মাহটোৰ আৰম্ভণিতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয় ।

ত্ৰিপুৰা, মেঘালয়ৰ লগতে নাগালেণ্ড বিধানসভাৰ ভোটগণনা 2 মাৰ্চ বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব (vote counting of Nagaland Assembly Election 2023) । নাগালেণ্ড বিধানসভাৰ কাৰ্যকাল ১২ মাৰ্চত অন্ত পৰিব । পূৰ্বৱৰ্তী বিধানসভা নিৰ্বাচন ২০১৮ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল । উক্ত নিৰ্বাচনৰ পিছত নেচনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী (Nationalist Democratic Progressive Party, NDPP) আৰু ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠন কৰে (BJP NDPP coalition govt of Nagaland) । এনডিপিপিৰ ছুপ্ৰিমো নেফিউ ৰিঅ'ই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰত চতুৰ্থবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হয় (Nagaland CM Neiphiu Rio) । ২০১৮ চনৰ নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনৰ স্থানীয় সহযোগী নাগা পিপলছ ফ্ৰণ্টৰ (Naga People's Front, NPF) সৈতে সম্পৰ্ক ছিন্ন কৰি চৰকাৰ গঠন কৰে । অৱশ্যে এনপিএফে নিৰ্বাচনত একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰে ।

আনহাতে, 2022 চনৰ এপ্ৰিলত এনপিএফৰ 21 জন বিধায়কে এনডিপিপিত যোগদান কৰে । যাৰ ফলত এনপিএফৰ শক্তি 4 লৈ হ্ৰাস হয় । ইফালে ২০২২ চনৰ নৱেম্বৰত কোহিমা, ৱোখা আৰু পেৰেনৰ তিনিজন বিজেপি জিলা সভাপতিয়ে জেডি(ইউ)ত যোগদান কৰে । যাৰ ফলত বিজেপিয়ে এক ডাঙৰ জোকাৰণিৰ সন্মুখীন হ'বলগা হয় । বিজেপি আৰু এনডিপিপিয়ে ২০২২ চনৰ জুলাইত ২০২৩ চনৰ নিৰ্বাচনৰ বাবে তেওঁলোকৰ মিত্ৰতা ঘোষণা কৰে আৰু চলিত বছৰৰ ২ ফেব্ৰুৱাৰীত আসন বুজাবুজি কৰে ।

বিজেপি আৰু এনডিপিপি দুয়োটা দলেই একেদিনাই তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰে । ২২ জানুৱাৰীত জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত জনতা দলে (ইউনাইটেড) ঘোষণা কৰে যে তেওঁলোকে কোনো ৰাজনৈতিক দলৰ সৈতে কোনো প্ৰাক-নিৰ্বাচনী আসন ভাগ-বতৰাৰ মিত্ৰতাত অংশগ্ৰহণ নকৰে । অৱশ্যে দলটোৱে সমমনোভাবাপন্ন দলবোৰৰ সৈতে নিৰ্বাচনোত্তৰ মিত্ৰতাৰ বাবে সাজু থাকিব বুলি উল্লেখ কৰে । ২০২২ চনৰ ২৯ জানুৱাৰীত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা প্ৰথম ৰাজনৈতিক দলসমূহৰ ভিতৰত জেডি(ইউ) অন্যতম আছিল ।

নিৰ্বাচনৰ সময়ত ৰাজ্যখনৰ বিভিন্ন সংগঠনে কেইবাটাও সমস্যা আৰু দাবী উত্থাপন কৰিছিল । ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনে (ইএনপিঅ') ফ্ৰণ্টিয়াৰ নাগালেণ্ডৰ (বা পূব নাগালেণ্ড বা পূৰ্বতে টুয়েনচাং ডিভিজন বুলি কোৱা) বাবে এখন পৃথক ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চল দাবী কৰে আৰু তাৰ বাবে ৰাজ্যিক বিধানসভা নিৰ্বাচন বৰ্জনৰ আহ্বান জনায় । জনতা দলে (ইউনাইটেড) নিবনুৱাৰ বিষয়টো উত্থাপন কৰি কয় যে নাগালেণ্ডত ৯০,০০০ যুৱক এতিয়াও নিবনুৱা হৈ আছে ।

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা আৰম্ভ হোৱা নাগালেণ্ডৰ বিচ্ছিন্নতাবাদী আন্দোলন এতিয়াও এক সমস্যা হৈ আছে । বহুতো নাগা সংগঠনৰ দ্বাৰা কেন্দ্ৰৰ দ্বাৰা বলৱৎ কৰা সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ অপসাৰণ আৰু ৰাজ্যখনত বাহিৰৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণত ৰখাৰ বাবে ৰাজ্যখনত ইনাৰ লাইন পাৰ্মিট (আইএলপি) পদ্ধতি জাৰি কৰাৰ দাবীও উত্থাপন কৰা হয় । লগতে সমগ্ৰ ৰাজ্য আৰু আন্তঃৰাজ্যত নিযুক্তিৰ বাবেও দাবী উত্থাপন কৰে ।

এক্সিট পোলৰ বেছিভাগ ভৱিষ্যদ্বাণী অনুসৰি, ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ সহযোগী নেচনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টীয়ে (এনডিপিপি) ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে জয়ী হোৱাৰ সম্ভাৱনা আছে (exit poll predictions of Nagaland election) । এক্সিট পোলৰ পৰা গম পোৱা গৈছে যে বিজেপি-এনডিপিপি মিত্ৰজোঁটক ৬০ খন বিধানসভা আসনৰ ভিতৰত ৩৮-৪৮ খন আসনত জয়ী হোৱাৰ সম্ভাৱনা আছে । নাগা পিপলছ ফ্ৰণ্টে ৩-৮ খন আসনৰ ভিতৰত জয়লাভ কৰাৰ উপৰি কংগ্ৰেছে ১-২ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । আনহাতে, অন্যান্যই ৫-১৫ খন আসন লাভ কৰিব পাৰে ।

উল্লেখ্য, নিৰ্বাচনৰ আনুষ্ঠানিক ফলাফল ২ মাৰ্চত ঘোষণা কৰা হ'ব । এতিয়া এক্সিট পোলৰ ভৱিষ্যদ্বাণী সঁচা হয়নে নহয় সেয়া চাবলৈ কাইলৈ অর্থাৎ বৃহস্পতিবাৰলৈ অপেক্ষা কৰিব লাগিব । আনহাতে, নতুন চৰকাৰখনে বিভিন্ন সংগঠনৰ দ্বাৰা উত্থাপিত বিভিন্ন দাবী আৰু সমস্যাসমূহ সমাধান কৰিব লাগিব আৰু ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতিৰ দিশতো কাম কৰিব লাগিব ।

লগতে পঢ়ক :Silsako Eviction Drive : শিলসাঁকোত উচ্ছেদৰ আতংক, চালৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.