পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে ভাৰপ্ৰাপ্ত বিষয়াৰ নাম

author img

By

Published : Sep 8, 2021, 7:45 PM IST

BJP names in-charges for assembly elections in 5 states

২০২২ চনৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰস্তুতি আৰম্ভ ৷ আগন্তুক বৰ্ষত পাঁচ ৰাজ্য ক্ৰমে গোৱা(Goa), মণিপুৰ(Manipur), পঞ্জাৱ(Punjab), উত্তৰাখণ্ড(Uttarakhand) আৰু উত্তৰ প্ৰদেশ(Uttar Pradesh)ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ৷ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই পাঁচ ৰাজ্যৰ নিৰ্বাচনী প্ৰক্ৰিয়া তদাৰক কৰাৰ বাবে দলৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নাম ঘোষণা জে পি নাড্ডাৰ ৷

নেশ্যনেল ডেস্ক , 8 ছেপ্টেম্বৰ : আগন্তুক বছৰত গোৱা(Goa), মণিপুৰ(Manipur), পঞ্জাৱ(Punjab), উত্তৰাখণ্ড(Uttarakhand) আৰু উত্তৰ প্ৰদেশ(Uttar Pradesh)ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে নিযুক্তি দিলে দলৰ ভাৰপ্ৰাপ্ত আৰু সহ-ভাৰপ্ৰাপ্ত বিষয়া ৷ আগন্তুক বৰ্ষৰ প্ৰথম ভাগত এই পাঁচ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে বিজেপিৰ সভাপতি জে পি নাড্ডাই আটাইকেইখন ৰাজ্যৰ বাবে দলৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নাম ঘোষণা কৰে ৷

নাড্ডাৰ ঘোষণা অনুসৰি, কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগমন্ত্ৰী(Union Minister of Education, Skill Development and Entrepreneurship)ধৰ্মেন্দ্ৰ প্ৰধান(Dharmendra Pradhan)ক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ(Anurag Thakur), ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল(Arjun Ram Meghwal), শোভা কাৰান্দলাজে(Shobha Karandlaje) আৰু অন্নপূৰ্ণা দেৱী(Annapurna Devi), ৰাজ্যসভাৰ সাংসদ সৰোজ পাণ্ডে(Rajya Sabha MPs Saroj Pandey) আৰু বিবেক ঠাকুৰ(Vivek Thakur) আৰু হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী কেপ্টেইন অভিমন্যু(Captain Abhimanyu)ক উত্তৰ প্ৰদেশৰ বাবে সহ-ভাৰপ্ৰাপ্ত বিষয়া নিয়োগ কৰা হৈছে ৷

লগতে পঢ়ক : স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায়ত ত্ৰিপুৰালৈ আৱণ্টন প্ৰায় ৩ লাখ শৌচালয়

উত্তৰ প্ৰদেশৰ বাবে বিজেপিয়ে আঞ্চলিক ভাৰপ্ৰাপ্ত বিষয়াকো নিযুক্তি দিছে ৷ সেই অনুসৰি, লোকসভাৰ সাংসদ সঞ্জয় ভাটিয়া(Lok Sabha MP Sanjay Bhatia)ই পশ্চিম উত্তৰ প্ৰদেশ চোৱাচিতা কৰিব, বিহাৰৰ বিধায়ক সঞ্জীৱ চৌৰাছিয়া(Bihar MLA Sanjeev Chaurasia)ক ব্ৰিজ(Brij), আৱাধ(Awadh)ৰ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৱাই সত্য কুমাৰ(BJP national secretary Y Satya Kumar), কানপুৰৰ দলৰ যুটীয়া কোষাধ্যক্ষ সুধীৰ গুপ্তা(party joint treasurer Sudhir Gupta), গোৰখপুৰৰ ৰাষ্ট্ৰীয় সম্পাদক অৰবিন্দ মেনন(Arvind Menon of Gorakhpur) আৰু কাশীৰ state party affairsৰ সহ-ভাৰপ্ৰাপ্ত বিষয়া সুনীল ওজাক আঞ্চলিক ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিয়োগ কৰা হৈছে ৷

পঞ্জাৱ বিধানসভা নিৰ্বাচন(Punjab assembly elections)ৰ বাবে বিজেপিয়ে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত(Gajendra Singh Shekhawat)ক দলৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী(Hardeep Singh Puri), ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখী(Meenakshi Lekhi) আৰু লোকসভাৰ সাংসদ বিনোদ চাৱদা(Lok Sabha MP Vinod Chavda)ক ৰাজ্যখনৰ সহ-ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিয়োগ কৰা হৈছে ৷

লগতে পঢ়ক : আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা দেশৰ প্ৰথমখন কৃষক ৰে’ল

ইফালে মণিপুৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় শ্ৰম, নিযুক্তি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী(Union Minister for Labour, Employment, Environment, Forest and Climate Change) ভূপেন্দ্ৰ যাদৱ(Bhupendra Yadav)ক দলৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ভাৰ অৰ্পন কৰা হৈছে ৷ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক(Minister of State Pratima Bhoumik) আৰু অসমৰ মন্ত্ৰী অশোক সিংঘল(Ashok Singhal)ক সহ- ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বভাৰ অৰ্পন কৰা হৈছে ৷

একেদৰে গোৱা বিধানসভা নিৰ্বাচন(Goa assembly elections)ৰ বাবে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ(former Maharashtra Chief Minister Devendra Fadnavis)ক দলৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী(Union Minister G. Kisan Reddy) আৰু ৰাজ্যিক মন্ত্ৰী Darshana Jardoshক সহ-ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : পুনৰ গৃহবন্দী কৰাৰ অভিযোগ মেহবুবা মুফতীৰ

উত্তৰাখণ্ড বিধানসভা নিৰ্বাচন(Uttarakhand assembly elections)ৰ বাবে কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী((Union Minister for Coal, Mines and Parliamentary affairs) প্ৰহ্লাদ যোশী(Prahlad Joshi)ক দলৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে মনোনীত কৰা হৈছে ৷ লগতে লোকসভাৰ সাংসদ লকেট চেটাৰ্জী(Lok Sabha MP Locket Chatterjee) আৰু দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চৰ্দাৰ আৰ পি সিঙ(Sardar RP Singh)ক সহ-ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব দিয়া হৈছে ৷

উল্লেখ্য যে, কংগ্ৰেছৰ দ্বাৰা শাসিত পঞ্জাৱৰ বাহিৰে আন চাৰিখন ৰাজ্যত বিজেপি শাসনত আছে ৷ আগন্তুক বৰ্ষত অনুষ্ঠিত হ'বলগীয়া ২০২২ চনৰ এই বিধানসভা নিৰ্বাচন(2022 assembly elections) ২০২৪ চনৰ লোকসভা নিৰ্বাচন(2024 Lok Sabha elections)ৰ বাবে ছেমিফাইনেল হিচাপে পৰিগণিত হৈছে ৷

লগতে পঢ়ক : ত্ৰিপুৰাত CPIM-BJPৰ সমৰ্থকৰ সংঘৰ্ষত ১২জন বিজেপি কৰ্মী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.