ETV Bharat / bharat

পুনৰ গৃহবন্দী কৰাৰ অভিযোগ মেহবুবা মুফতীৰ

author img

By

Published : Sep 7, 2021, 5:02 PM IST

Updated : Sep 7, 2021, 5:33 PM IST

Mehbooba pooh-poohs govt's claims of 'normalcy' after she's put under house arrest
পুনৰ গৃহবন্দী হোৱাৰ অভিযোগ মেহবুবা মুফতীৰ

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীয়ে মঙলবাৰে এক টুইটযোগে তেওঁক পুনৰ গৃহবন্দী কৰা হোৱাৰ দাবী কৰিছে ৷ অৱশ্যে, আৰক্ষী বিভাগে জানিবলৈ দিয়া মতে তেওঁক গৃহবন্দী কৰা হোৱা নাই ৷ ঘটনাৰ সবিশেষ জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন ৷

নেশ্বনেল ডেস্ক, 7 ছেপ্টেম্বৰ : পিডিপি(PDP)ৰ মুৰব্বী তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীয়ে মঙলবাৰে দাবী কৰিছে যে, তেওঁক পুনৰ "গৃহবন্দী" কৰা হৈছে ৷ ইয়াৰ লগতে তেওঁ কয় যে, এই ঘটনাৰ ফলত ভাৰত চৰকাৰে ৰাজ্যখনত স্বাভাৱিক অৱস্থা বাহাল থকা বুলি কৰা দাবী মিছা প্ৰতিপন্ন হৈছে । ভাৰত চৰকাৰে আফগান লোকসকলৰ অধিকাৰৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰাৰ সময়তে কিন্তু ইচ্ছাকৃতভাৱে কাশ্মীৰীসকলক সেই অধিকাৰ দিবলৈ অস্বীকাৰ কৰিছে বুলিও তেওঁ দাবী কৰে ।

তেওঁ কয় যে, কাশ্মীৰ উপত্যকাত অৱস্থা স্বাভাৱিক নোহোৱাৰ কথাৰে প্ৰশাসনে তেওঁক ঘৰৰ পৰা ওলাই যাবলৈ অনুমতি দিয়া নাই । এই কথাই পৰিস্থিতি স্বাভাৱিক বুলি কৰা দাবীৰ আঁৰৰ সত্যতা মুকলি কৰিছে ৷ মেহবুবা মুফতিৰ এই অভিযোগ এনে এক সময়ত সমুখলৈ আহিছে যেতিয়া কাশ্মীৰ উপত্যকাত নিৰাপত্তা পৰিস্থিতিৰ সংক্ৰান্তত বহু নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ বুধবাৰে চয়দ আলী শ্বাহ গিলানিৰ মৃত্যুৰ পিছত এই নিষেধাজ্ঞা সমূহ আৰোপ কৰা হৈছিল ।

মুফতীয়ে তেওঁৰ ঘৰৰ বন্ধ গেটৰ এখন ফটো টুইট কৰিছিল, য'ত তেওঁৰ ঘৰৰ ওচৰত এখন সশস্ত্ৰ বাহন ৰখাই থোৱা দেখা গৈছিল ।

এই সন্দৰ্ভত আৰক্ষীয়ে জনাইছে যে, নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পিডিপি নেতাজনক মঙলবাৰে কুলগাম ভ্ৰমণ নকৰিবলৈ অনুৰোধ জনোৱা হৈছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, যিহেতু মুফতি জেড প্লাছ সুৰক্ষাৰে সুৰক্ষিত, তেওঁৰ সুৰক্ষাৰ বাবে যথেষ্ট ব্যৱস্থা কৰিব লাগিব । গতিকে, তেওঁলক কুলগামলৈ নাযাবলৈ কোৱা হৈছে, তেওঁক আটক কৰা হোৱা নাই ।

উল্লেখযোগ্য যে, ৯১ বছৰীয়া চৈয়দ আলী শ্বাহ গিলানিৰ যোৱা বুধবাৰে মৃত্যু হয় ৷ ইয়াৰ পিছতো মছজিদ সমূহত যিকোনো ধৰণৰ প্ৰতিবাদ আৰু সমাৱেশ প্ৰতিহত কৰি গভীৰ নিৰাপত্তাৰ মাজত শ্ৰীনগৰত তেওঁৰ ঘৰৰ ওচৰত তেওঁক সমাধিস্থ কৰা হয় । এই সময়চোৱাত সুৰক্ষা কৰ্মীসকলক সংবেদনশীল এলেকাত মোতায়েন কৰা হৈছিল আৰু কেইবাটাও ৰাস্তাত বেৰিকেড কৰা হৈছিল ।

লগতে পঢ়ক : ULFA(I) ত যোগ দিয়া চৰাইদেউৰ মেধাবী যুৱক অৰুনাভ জীৱিত নে মৃত ?

Last Updated :Sep 7, 2021, 5:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.