ETV Bharat / bharat

ত্ৰিপুৰাত CPIM-BJPৰ সমৰ্থকৰ সংঘৰ্ষত ১২জন বিজেপি কৰ্মী আহত

author img

By

Published : Sep 8, 2021, 12:26 PM IST

BJP CPIM Clash in Tripura
ত্ৰিপুৰাত CPIM BJPৰ সমৰ্থকৰ সংঘৰ্ষত ১২জন বিজেপি কৰ্মী আহত

ত্ৰিপুৰাত ৰাজনৈতিক দলৰ মাজৰ হিংসাই ভয়াৱহ ৰূপ লৈছে । শেহতীয়াকৈ ত্ৰিপুৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পিছতে এইবাৰ চি পি আই এম আৰু বি জে পি কৰ্মীৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ । সোমবাৰে ধনপুৰত চি পি আই এম আৰু বি জে পি কৰ্মীৰ মাজৰ সংঘৰ্ষত আহত হ'ল ১২ জন বি জে পি কৰ্মী ।

নেশ্যনেল ডেস্ক, ৮ ছেপ্টেম্বৰ: ক্ষমতা লাভৰ স্বাৰ্থই চৰম পৰ্যায় পাইছে ত্ৰিপুৰা(Tripura)ত । একাংশ ৰাজনৈতিক দলৰ কৰ্মকৰ্তাৰ অবিবেচক কাণ্ডই কলুষিত কৰিছে ত্ৰিপুৰাৰ ৰাজনীতি । ৰাজ্যখনত ৰাজনৈতিক দলৰ মাজৰ বিবাদ নতুন কথা নহয় । কিন্তু বিজেপি-আইপিএফটিৰ চৰকাৰ গঠনৰ পিছত প্ৰথমবাৰৰ বাবে বাওঁপন্থী দলৰ কৰ্মকৰ্তায়ো কৰিলে শক্তি প্ৰদৰ্শন ।

সোমবাৰে চেপাহিজালা জিলাৰ অন্তৰ্গত ধনপুৰ বিধানসভা সমষ্টিত চি পি আই এম(CPIM) আৰু বি জে পি(BJP) সমৰ্থকৰ মাজত সংঘাতৰ সূত্ৰপাত হয় । এই সংঘাতে ইমানেই ভয়াৱহ ৰূপ ল'লে যে ১২ জনকৈ বি জে পি কৰ্মী আহত হ'বলগীয়া হ'ল । স্থানীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, বিৰোধী দল চি পি আই এমৰ নেতা মানিক সৰকাৰে(MANIK SARKAR) সোমবাৰে পূৰ্বে নিৰ্ধাৰিত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ধনপুৰলৈ গৈছিল ।

BJP CPIM Clash in Tripura
ত্ৰিপুৰাত CPIM BJPৰ সমৰ্থকৰ সংঘৰ্ষত ১২জন বিজেপি কৰ্মী আহত

কিন্তু, তেওঁৰ কনভয় ধনপুৰৰ সভাস্থলীৰ পৰা প্ৰায় পাঁচ-ছয় কিলোমিটাৰ দূৰত থকা বাশপুকুৰ অঞ্চলত উপস্থিত হোৱাৰ সময়তে একাংশ বিজেপি সমৰ্থকে তেওঁৰ প্ৰৱেশত বাধা প্ৰদান কৰে । কিছু সময়ৰ পিছতে উক্ত স্থানত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ মানিক সৰকাৰক আগবাঢ়ি নাযাবলৈ পৰামৰ্শ দিয়ে ।কিয়নো, আৰক্ষীয়ে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছিল ।

চি পি আই এমে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, মানিক সৰকাৰে আৰক্ষীৰ পৰামৰ্শ গ্ৰহণ কৰাত আপত্তি দৰ্শাইছিল আৰু আৰক্ষী বিষয়াসকলক তেওঁৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ কৈছিল ।

কিন্তু মানিক সৰকাৰে আৰক্ষীৰ সৈতে এই বিষয়ত তৰ্ক কৰি থকাৰ সময়তে হাতে হাতে লাঠি লৈ চি পি আই এমৰ শতাধিক কৰ্মী ঘটনাস্থলীত উপস্থিত হয় । চি পি আই এম কৰ্মীসকলে মানিক সৰকাৰৰ দুয়োকাষে থিয় দি এক প্ৰকাৰৰ সুৰক্ষা বেষ্টনী গঢ়ি তোলে আৰু সভাস্থলীলৈ যাত্ৰা আৰম্ভ কৰে । কিন্ত এই সময়তে দুয়োটা দলৰ সমৰ্থকসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । চি পি আই এমৰ কৰ্মীৰ হাতত গুৰুতৰভাৱে আহত হয় বি জে পি কৰ্মীসকল ।

ক্ষুদ্ধ চি পি আই এমৰ কৰ্মীসকলে গেৰুৱা দলটোৰ পতাকা দলিয়াই দিয়ে । লগতে বাসগৃহ, বাইক, দোকান আদিৰো ক্ষতিসাধন কৰে । এই সংঘাতত ১২ জন বি জে পি কৰ্মী আহত হয় । ততাতৈয়াকৈ আটাইকেইজনকে চিকিৎসালয়লৈ নিয়া হয় ।

ইয়াৰে তিনিজন কৰ্মীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে, এই ঘটনাৰ পিছত মানিক সৰকাৰে ধনপুৰ বজাৰত অনুষ্ঠিত এখন জনসভাত অংশ লয় । সৰকাৰে "দুৰ্বৃত্ত"ৰ আক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত চি পি আই এমৰ কৰ্মকৰ্তাসকলে পালন কৰা ভূমিকাক লৈ প্ৰশংসা কৰে আৰু ৰাজ্যৰ আন প্ৰান্তৰ কৰ্মীসকলক তেওঁলোকৰ পৰা অনুপ্ৰেৰণা ল'বলৈ আহ্বান জনায় ।

আনহাতে, মন্ত্ৰী সুশান্ত চৌধুৰীয়ে এই হিংসাত্মক ঘটনা সন্দৰ্ভত কয় যে, এয়া প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ এক পৰিকল্পিত ঘটনা । এয়া এক ষড়যন্ত্ৰ মাথোঁ । কেৱল ক্ষমতা ঘূৰাই পাবলৈ চি পি আই এমে ৰাজ্যখনত অস্থিৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে আৰু বি জে পি দল শাসনত থকালৈকে সেয়া কেতিয়াও হ'বলৈ নিদিয়ে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । বি জে পি য়ে এই ঘটনাক গৰিহণা দি বুধবাৰে এক বিশাল প্ৰতিবাদী সমদলৰ আয়োজন কৰিব ।

লগতে পঢ়ক:আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা দেশৰ প্ৰথমখন কৃষক ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.