ETV Bharat / bharat

হিমচেঁচা বৰফেৰে আবৃত মাউন্ট এভাৰেষ্টত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

author img

By

Published : Jun 21, 2019, 2:36 PM IST

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

চীন, ফ্ৰান্স, দক্ষিণ আফ্ৰিকাকে ধৰি বিশ্বৰ ভিন্ন দেশত উদযাপন 5ম সংখ্যক এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷

নিউজ ডেস্ক, 21 জুন : আজি বিশ্বজুৰি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ প্ৰথমবাৰৰ বাবে নেপালৰ সমুদ্ৰপৃষ্ঠৰ পৰা 17,600 উচ্চতাত হিমচেঁচা বৰফেৰে আবৃ্ত মাউন্ট এভাৰেষ্টৰ শিখৰৰ বেছ কেম্পটো পালন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ য'ত অংশগ্ৰহণ কৰে পাকিস্তানেও ৷

etv bharat assam
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন মাউন্ট এভাৰেষ্টৰ বেছ কেম্পত

ইপিনে 5ম সংখ্যক এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ৱাশ্বিংটনটো ৷ হাতে হাতে ৰঙ বিৰঙী মেট লৈ যোগাসন কৰিবলৈ ওলাই আহিল ৱাশ্বিংটনৰ বাসিন্দাসকল ৷ প্ৰায় 2,500 লোকৰ সমাগমেৰে মুখৰ হৈ পৰিল আইকনিক ৱাশ্বিংটন মনোমেন্ট ৷

etv bharat assam
ৱাচিংটনত 5ম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

ৱাশ্বিংটনেই নহয় , চীন, ফ্ৰান্স, দক্ষিণ আফ্ৰিকা, জিম্বাবোৱে', নেদাৰলেণ্ড, শ্ৰী লংকাকে ধৰি ভিন্ন ঠাইত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷

উল্লেখ্য যে, 2014 চনৰ 27 চেপ্তেম্বৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ঘোষণা কৰাৰ বাবে ৰাষ্ট্ৰসংঘত উত্থাপন কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে ৷

etv bharat assam
5ম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী মোডী
Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.