ETV Bharat / bharat

ট্ৰাম্পৰ আগমণক লৈ ম’টেৰা ষ্টেডিয়ামত আকাশমাৰ্গেৰে তীক্ষ্ণ নিৰীক্ষণ

author img

By

Published : Feb 22, 2020, 8:40 PM IST

ট্ৰাম্পৰ আগমণক লৈ ম’টেৰা ষ্টেডিয়ামত আকাশমাৰ্গেৰে তীক্ষ্ণ নিৰীক্ষণ
ট্ৰাম্পৰ আগমনক লৈ ম’টেৰা ষ্টেডিয়ামত আকাশমাৰ্গেৰে তীক্ষ্ন নিৰিক্ষণ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণক লৈ ব্যাপক তৎপৰতা ৷ 24 ফেব্ৰুৱাৰীত আহমেদাবাদৰ ম’টেৰা ষ্টেডিয়ামত অনুষ্ঠিত ‘‘নমেস্তে ট্ৰাম্প’’ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব বিশ্বৰ শক্তিশালী নেতাগৰাকীয়ে ৷ যাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে আকাশমাৰ্গৰে নিৰিক্ষণ সমগ্ৰ পৰিৱেশ ৷

নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰীঃ 24 ফেব্ৰুৱাৰীত ভাৰতলৈ আহিব বিশ্বৰ শক্তিশালী নেতা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ যাৰ বাবে সাজু কৰি তোলা হৈছে আহমেদাবাদৰ ম’টেৰা ষ্টেডিয়াম ৷ বিশ্বৰ সৰ্ব বৃহৎ ষ্টেডিয়ামখনত আয়োজন কৰা ‘‘নমেস্তে ট্ৰাম্প’’ কাৰ্যসূচীত অংশ ল’ব বিশ্বৰ দুই শক্তিশালী নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷

ট্ৰাম্পৰ আগমণক লৈ ম’টেৰা ষ্টেডিয়ামত আকাশমাৰ্গেৰে তীক্ষ্ণ নিৰীক্ষণ
ট্ৰাম্পৰ আগমণক লৈ ম’টেৰা ষ্টেডিয়ামত আকাশমাৰ্গেৰে তীক্ষ্ণ নিৰীক্ষণ

যাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে আকাশমাৰ্গেৰে নিৰীক্ষণ কৰা হৈছে ম’টেৰা ষ্টেডিয়ামৰ সমগ্ৰ পৰিৱেশ ৷ সুৰক্ষা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উন্নত প্ৰযুক্তিৰ ড্ৰ‘ণ কেমেৰাৰে তন্ন তন্নকৈ দৃষ্টি ৰখা হৈছে ৷ দুদিনীয়া কাৰ্যসূচীৰে পৰিয়াল সহ প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব ড’নাল্ড ট্ৰাম্প ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.