ETV Bharat / bharat

দূৰণিবতীয়া ৰেলৰ পৰা নিলম্বন কৰা হ'ল পাকঘৰ

author img

By

Published : Oct 22, 2020, 9:17 AM IST

Railway may soon remove pantry cars in long distance trains
দূৰণিবতীয়া ৰেলৰ পৰা নিলম্বন কৰা হ'ল পাকঘৰ

ক'ভিড-19ৰ মহামাৰীৰ সময়ত ভাৰতীয় ৰেলৱে দূৰণিবতীয়া ৰেল সমূহৰ প্ৰায় 300টা পাকঘৰৰ ক্ষেত্ৰত কিছু সাল-সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পাকঘৰৰ সমূহ শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণৰ লগতে ক'ভিড-19ৰ উপযুক্ত সুবিধাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰেল বিভাগে ৷

নিউজ ডেস্ক,22অক্টোবৰ: ক'ভিড-19ৰ মহামাৰীৰ সময়ত ভাৰতীয় ৰেলৱে হাতত লৈছে এক উল্লেখনীয় পদক্ষেপ ৷ দুৰণিবতীয়া ৰেল সমূহৰ প্ৰায় 300টা পাকঘৰৰ ক্ষেত্ৰত কিছু সাল-সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰেল বিভাগে ৷ পূৰণিকলীয়া এই পাকঘৰৰ সমূহত শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণৰ লগতে ক'ভিড- 19ৰ উপযুক্ত সুবিধাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰেল বিভাগে ৷ এই সন্দৰ্ভত ভাৰতীয় ৰেল বিভাগৰ সৈতে উচ্চ স্তৰত হৈ আছে এক গুৰুত্বপূৰ্ণ আলোচনা ৷

ৰেল বিভাগৰ এজন অধিকাৰীয়ে জনোৱা অনুসৰি,দূৰণিবতীয়া ৰেল যাত্ৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ৷ এই ব্যৱস্থাৰ দ্ধাৰা বাবে 1,400কোটি টকাৰ ৰাজহ চৰকাৰে লাভ কৰিব পাৰিব বুলি প্ৰকাশ কৰাৰ লগতে অধিকাৰী জনে কয়, পাকঘৰ সমূহ উন্নত মানৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ ক'ভিড-19ৰ ভয়াৱহতাৰ বাবে ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ৰেলৰ পাকঘৰসমূহ ৷ ভাৰতৰ সকলো ৰেলৱে মহাসংঘই এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলক এখন পত্ৰ প্ৰেৰণ কৰে ৷ পত্ৰত অতি শীঘ্ৰে পাকঘৰ সমূহ উন্নত মানৰ কৰাৰ বাবে আহ্বান জনায় ৷ ভোজনৰ বাবে ই-বুকিঙৰ কৰাৰ উন্নত মানৰ প্ৰযুক্তিৰ লগতে এটা ডাঙৰ কোঠৰ প্ৰয়োজন বুলি মন্তব্য কৰে মহাসংঘই ৷ ইয়াত খৰচ নহয় ৰাহি হ'ব বুলিহে দাবী জনাই মহাসংঘই ৷ পত্ৰ প্ৰেৰণৰ পাচতে পীয়ুষ গোৱেলে ৰেলৱে বোৰ্ড আৰু ৰেল বিভাগৰ সকলো ক্ষেত্ৰৰ লোক সকলক ইয়াক উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব লগীয়া পদক্ষেপ সমূহ সন্দৰ্ভত আলোচনা কৰে ৷ পত্ৰখনত ৰেল বিভাগৰ সকলো কৰ্মচাৰী,উচ্চ পৰ্যায়ৰ লোকে সহমত প্ৰদান কৰাৰ বাবে এই সন্দৰ্ভত উচ্চস্তৰীয় বৈঠকৰ সম্ভৱনীয়তা দেখা যায় ৷ এই সিদ্ধান্ত সম্পূৰ্ণ ক'ভিড-19ৰ ভয়াৱহতাৰ ওপৰত নিৰ্ভৰ কৰে বুলি ভাৰতীয় ৰেল বিভাগে প্ৰকাশ কৰে ৷

ক'ভিড-19ৰ বাবে ভাৰতীয় ৰেল বিভাগে পাকঘৰ সমূহ বন্ধ কৰি দিছে যদিও যাত্ৰী সকলৰ বাবে ইয়াৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে ৰেল বিভাগে ৷ ইয়াৰ লগতে দূৰণিবতীয়া ৰেল সমূহত গাৰু,বেডশ্বিট,কম্বল আদিৰ সুবিধাও বন্ধ কৰি দিয়া হৈছে বুলি ভাৰতীয় ৰেল বিভাগে প্ৰকাশ কৰে ৷

অন্য এক খবৰৰ বাবে: ক'ভিড প্ৰটকলেৰে ৰাজ্যত পালন ষষ্ঠী!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.