ETV Bharat / state

ক'ভিড প্ৰটকলেৰে ৰাজ্যত পালন ষষ্ঠী!

author img

By

Published : Oct 22, 2020, 8:01 AM IST

আজি ষষ্ঠী ৷ পূজাৰ বেদীত স্থাপন কৰা হ'ব মা দুৰ্গাৰ প্ৰতিমা ৷ ৰাজ্যত কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰিলেও ৰাজ্যবাসীয়ে ক'ভিড প্ৰটকলৰ মাজেৰে পালন কৰিব এইবাৰৰ দুৰ্গা পূজা ৷

DURGA PUJA celebration
ক'ভিড প্ৰটকলেৰে ৰাজ্যত পালন ষষ্ঠী

নিউজ ডেস্ক,22অক্টোবৰ: আজি ষষ্ঠী,আৰম্ভ হ'ল শাৰদীয় দুৰ্গা পূজা ৷ পূজাৰ বেদীত স্থাপন কৰা হ'ব মা দুৰ্গাৰ প্ৰতিমা ৷ ৰাজ্যত কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰিলেও জাক- জমকতাৰ পৰিৱৰ্তে ক'ভিড প্ৰটকল মানি আদৰা হ'ব শাৰদী ৰাণী মা-দুৰ্গাক ৷ কম সংখ্যক লোকৰ উপস্থিতিত আয়তীৰ উৰুলি,শংখ ধ্বনিৰ লগতে পূজাৰীৰ মন্ত্ৰোচ্চাৰণেৰে সন্ধিয়া পূজাৰ বেদীত স্থাপন হ'ব দুৰ্গাৰ প্ৰতিমা ৷

DURGA PUJA celebration
ক'ভিড প্ৰটকলেৰে ৰাজ্যত পালন ষষ্ঠী

প্ৰচলিত প্ৰবাদ অনুসৰি,দুৰ্গা পূজা হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীৰ উপাসনাৰ এক উৎসৱ ৷ এই উৎসৱ নৱৰাত্ৰী বুলিও সমাজত প্ৰচলিত ৷ দুৰ্গা পূজা বিশেষকৈ অসম, পশ্চিম বংগ,উৰিষ্যা,বিহাৰত বহল ভাৱে পালন কৰা হয় ৷ পাঁচদিন পৰ্যন্ত পালন কৰা হয় শাৰদী ৰাণী খ্যাত মা-দুৰ্গাৰ পূজা ৷ প্ৰথম দিনা ষষ্ঠী,তাৰপাচত মহাসপ্তমী,মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমীৰে পালন কৰা হয় পূজা ৷ উত্তৰ ভাৰতত দুৰ্গা পূজাক আকৌ নৱৰাত্ৰী হিচাপেহে পালন কৰা হয় ৷ আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমীলৈ চলে দুৰ্গা পূজা৷ ভাৰতত দুৰ্গা পূজাক এক অন্যতম ধৰ্মীয় অনুষ্ঠান হিচাপে পালন কৰা হয় ৷

DURGA PUJA celebration
ক'ভিড প্ৰটকলেৰে ৰাজ্যত পালন ষষ্ঠী

ইফালে, ৰাজ্যত দুৰ্গা পূজা পালনত স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে কেতবোৰ নিয়ম ৷ ক'ভিড-19ৰ ভয়াৱহতাৰ বাবে স্বাস্থ্য বিভাগে প্ৰদান কৰা এই নিয়মবোৰ পালন কৰি পূজা কমিতি সমূহক পূজা আয়োজন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ পূজাৰী সকলে ক'ভিড টেষ্ট কৰাৰ উপৰিও এখন পূজা মণ্ডপত গোট খাব নোৱাৰিব 30জনতকৈ অধিক লোক ৷ নিশা 10 বজাৰ ভিতৰত সমাপ্ত কৰিব লাগিব পূজাৰ কাৰ্যসূচী,নিশা 9 বজাৰ ভিতৰত বন্ধ হ'ব লাগিব ৰেষ্টুৰেন্ট-হোটেল ৷ ইয়াৰোপৰি, প্ৰতিমা বিসৰ্জনৰ সময়ত সমাগম হ'ব নোৱাৰিব 10জনতকৈ অধিক লোক ৷

অইনবাৰৰ দৰে ৰাজ্যত এইবাৰ পূজাৰ উচাহ নাই যদিও ক'ভিড প্ৰটকল মানি পূজা পালন কৰাৰ বাবে এতিয়া সাজু হৈছে ৰাজ্যবাসী ৷ ঠায়ে-ঠায়ে আটক ধুনীয়াকৈ সজাই তোলা হৈছে মা-দুৰ্গাৰ প্ৰতিমা ৷

অন্য এক খবৰৰ বাবে: ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীয়ে অতিক্ৰম কৰিলে 2লাখৰ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.