ETV Bharat / bharat

PM-CARES পুঁজিলৈ ১ দিনৰ বেতন গৃহ মন্ত্ৰণালয়ৰ অধিকাৰীৰ

author img

By

Published : Apr 3, 2020, 10:49 PM IST

শুকুৰবাৰে PM-CARES পুঁজিলৈ ১ দিনৰ বেতন আগবঢ়ায় গৃহ মন্ত্ৰণালয়ৰ অধিকাৰীসকলে । মুঠ ৮৯ কোটি টকাৰ সাহায্য PM-CARES পুঁজিলৈ ।

PM-CARES
PM-CARES পুঁজিলৈ ১ দিনৰ বেতন গৃহ মন্ত্ৰণালয়ৰ অধিকাৰীৰ

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰে মোডীয়ে শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধিকাৰী সকলে PM-CARES পুঁজিলৈ তেখেতসকলৰ এক দিনৰ দৰমহা আগবঢ়োৱা বাবে ধন্যবাদ জ্ঞাপন কৰে ।

মোডীয়ে টুইটাৰযোগে কয়, টীম MHA এটা ভাল উদাহৰণ । তেওঁলোকে আমাক মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ ২৪ ঘণ্টা কাম কৰাৰ উপৰিও দেশখনক COVID-19ৰ পৰা ৰক্ষা কৰিবলৈ আৰ্থিক সাহায্য আগবঢ়ায় ।

মোডীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহৰ টুইটৰ উত্তৰ দি কয় যে, গৃহ মন্ত্ৰণালয় আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ অধিকাৰী আৰু কৰ্মচাৰীয়ে কেন্দ্ৰীয় শাষিত অঞ্চলত মহামাৰী COVID-19 ৰ সৈতে যুঁজিবলৈ PM-CARES পুঁজিলৈ এক দিনৰ দৰমহা আগবঢ়ায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.