ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সৈতে সাক্ষাৎ কংগনা ৰাণাৱটৰ

author img

By

Published : Sep 13, 2020, 8:47 PM IST

কংগনা ৰাণাৱট
কংগনা ৰাণাৱট

দেওবাৰে অভিনেত্ৰী কংগনা ৰাণাৱটে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীৰ সৈতে সাক্ষাৎ কৰে ৷ সাক্ষাতৰ পাচত তেওঁ কয় যে, তেওঁ ৰাজ্যপাল গৰাকীক নিজৰ তেওঁৰ সৈতে হোৱা অন্যায়ৰ বিষয়ে কয় ৷ তেওঁৰ আশা যে তেওঁ ন্যায় পাব ৷

নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ: অভিনেত্ৰী কংগনা ৰাণাৱট আৰু শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত চলি থকা অপ্ৰীতিকৰ পৰস্থিতিৰ পাচত দেওবাৰে অভিনেত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীৰ সৈতে সাক্ষাৎ কৰে ৷

ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাচত অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁ ৰাজ্যপালগৰাকীক নিজৰ সৈতে হোৱা অন্যায়ৰ বিষয়ে কয় ৷ ইয়াৰোপৰি কংগনাই কয় যে, তেওঁ কোনো ৰাজনীতিবিদ নহয় আৰু তেওঁৰ কোনো ৰাজনীতিবিদৰ সৈতে লেনদেনো নাই ৷

মাহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সৈতে সাক্ষাৎ কংগনা ৰাণাৱটৰ

তেওঁ এগৰাকী সাধাৰণ নাগৰিক হিচাপে ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰে ৷ ৰাজ্যপালগৰাকীয়ে তেওঁৰ সৈতে নিজৰ ছোৱালীৰ দৰে বাৰ্তালাপ কৰাৰ লগতে সহানুভুতি প্ৰদান কৰে ৷ কংগনাই উল্লেখ কৰা অনুসৰি তেওঁ ন্যায় বিচাৰে আৰু তেওঁৰ আশা যে তেওঁ ন্যায় পাব ৷

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীক সাক্ষাৎ কৰিব অভিনেত্ৰী কংগনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.