ETV Bharat / sitara

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীক সাক্ষাৎ কৰিব অভিনেত্ৰী কংগনাই

author img

By

Published : Sep 13, 2020, 9:37 AM IST

আজি বিয়লি 4.30 বজাত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীক সাক্ষাৎ কৰিব অভিনেত্ৰী কংগনা ৰাণাৱটে ৷ শিৱসেনাৰ সৈতে চলি থকা মতানক্যক লৈ বৈঠকত মিলিত হ’ব কংগনা আৰু ৰাজ্যপাল গৰাকী ৷

Kangana Ranaut to meet Maharashtra Governor BS Koshyari
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীক সাক্ষাৎ কৰিব অভিনেত্ৰী কংগনাই

চিটাৰা ডেস্ক, 13 ছেপ্তেম্বৰ: শিৱসেনাৰ সৈতে চলি থকা মতানক্য সন্দৰ্ভত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীক সাক্ষাৎ কৰিব অভিনেত্ৰী কংগনা ৰাণাৱটে ৷

সূত্ৰই জনোৱা মতে, 14 ছেপ্তেম্বৰত মুম্বাই এৰাৰ পূৰ্বে আজি বিয়লি 4.30 বজাত মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সৈতে বৈঠকত মিলিত হ’ব কংগনা ৷

উল্লেখ্য যে, শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ সৈতে হোৱা মতানৈক্যৰ পাচতে কংগনাই মুম্বাইত অসুৰক্ষিত অনুভৱ কৰাৰ লগতে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচত তেওঁৰ মুম্বাই আৰক্ষীৰ ওপৰত বিশ্বাস নোহোৱাৰ কথা ব্যক্ত কৰে ৷

ইফালে, বুধবাৰে BMCয়ে পালি হিলত থকা কংগনাৰ কাৰ্যালয় আৰু বান্দ্ৰাস্থিত বাসগৃহ ভাঙি দিয়ে ৷ অৱশ্যে এই সংঘৰ্ষৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অভিনেত্ৰী গৰাকীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক Y plus সুৰক্ষা প্ৰদান কৰে ৷ কংগনাক প্ৰদান কৰা এই সুৰক্ষাৰ বাবে তেওঁৰ মাতৃ আশা ৰাণাৱটে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক: সুশান্তৰ মৃত্যু গোচৰ : মুম্বাইৰ পৰা আৰু এজনক গ্ৰেপ্তাৰ NCB ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.