ETV Bharat / bharat

পূৰ্ব-নিৰ্ধাৰিত সূচীমতেই অনুষ্ঠিত হ'ব JEE Main আৰু NEET

author img

By

Published : Aug 22, 2020, 12:31 PM IST

JEE Main and NEET to be held as per schedule in September
পূৰ্বৰ নিৰ্ধাৰিত সূচীমতেই অনুষ্ঠিত হ'ব JEE Main আৰু NEET

JEE Main আৰু NEET ৰ পৰীক্ষাসমূহ পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰি ছেপ্টেম্বৰতে আয়োজন কৰা হ'ব বুলি শুকুৰবাৰে জানিবলৈ দিয়ে শিক্ষা মন্ত্ৰালয়ৰ বিষয়বৱীয়াই ৷

নেশ্যনেল ডেস্ক, 22 আগষ্ট : JEE Main আৰু NEET ৰ পৰীক্ষাসমূহ পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰি ছেপ্টেম্বৰতে আয়োজন কৰা হ'ব বুলি শুকুৰবাৰে জানিবলৈ দিয়ে শিক্ষা মন্ত্ৰালয়ৰ বিষয়বৱীয়াই ৷

এক বিবৃতিত এই পৰীক্ষাসমূহ আয়োজন কৰা মন্ত্ৰালয়ৰ নেশ্যনেল টেষ্টিং এজেন্সীয়ে (NTA) জানিবলৈ দিয়ে যে, প্ৰায় 6.4 লাখ প্ৰাৰ্থীয়ে ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ ডাউনলোড কৰিছে ৷

8,58,273 প্ৰাৰ্থীৰ 6,49,223গৰাকীয়ে ইতিমধ্যে প্ৰৱেশ পত্ৰ ডাউনলোড কৰিছে ৷ বিবৃতিত কোৱা হয়, "প্ৰায় 99.07 শতাংশ ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ প্ৰথম পছন্দ অনুসৰি JEE (Main) 2020 ৰ বাবে পৰীক্ষা কেন্দ্ৰৰ সুবিধা কৰি দিবলৈ পাই সুখী হৈছো ৷"

বিবৃতিত লগতে কোৱা হয় যে, 142 প্ৰাৰ্থীয়ে বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰথম পছন্দৰ পৰীক্ষা কেন্দ্ৰ সলনি কৰিবলৈ আবেদন জনাইছে ৷ এনে আবেদনক NTAয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ৷

বিবৃতিত উল্লেখ কৰা অনুসৰি, NEET (UG)-2020 ত প্ৰথমবাৰৰ বাবে পৰীক্ষা কেন্দ্ৰ সলনি কৰিবৰ বাবে পাঁচবাৰকৈ সুবিধা প্ৰদান কৰা হৈছে ৷ প্ৰায় 95,000 ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিলে আৰু নতুন পছন্দ অনুসৰি কেন্দ্ৰ প্ৰদান কৰা হ'ল ৷

উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ হাৰ দিনক দিনে ভয়াবহভাৱে বৃদ্ধি পোৱাৰ ফলত বহু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে এই পৰীক্ষাসমূহ স্থগিত ৰাখিবলৈ দাবী কৰিছিল ৷ কিন্তু, এই পৰীক্ষা স্থগিত ৰখাৰ আবেদনক সোমবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰে ৷ ন্যায়ালয়ে মন্তব্য কৰে যে, ছাত্ৰ-ছাত্ৰীৰ বহু মূল্যৱান এটা বছৰ এনেদৰে ক্ষতি কৰা উচিত নহয় ৷

NTA জানিবলৈ দিয়ে যে, কেন্দ্ৰসমূহ পৰীক্ষা আয়োজনৰ আগত আৰু পিছত ছেনিটাইজ কৰা হ'ব আৰু তেওঁলোকক নতুন মাস্ক আৰু গ্ল'ভছ প্ৰদান কৰা হ'ব ৷ ইয়াৰোপৰি, পৰীক্ষা কেন্দ্ৰ নিয়ন্ত্ৰণৰ বিভিন্ন ব্যৱস্থা সম্পৰ্কীয় ক'ভিড-19 ৰ এখন নিৰ্দেশাৱলী গঠন কৰি দিছে ৷

লগতে পঢ়ক : প্ৰাক্তন আইএএছ ৰাজীৱ কুমাৰ দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.