ETV Bharat / bharat

এক প্ৰতিৰক্ষা চুক্তি সাক্ষৰৰ সম্ভাৱনা ভাৰত-আমেৰিকাৰ

author img

By

Published : Feb 21, 2020, 11:38 PM IST

India, US to ink key defence deal during Trump's visit
India, US to ink key defence deal during Trump's visit

ৱাশ্বিংটন আৰু নতুন দিল্লীয়ে 2.6 বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিময়ত এটি চুক্তি সাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ অধীনত আমেৰিকাই ভাৰতক 24 মাল্টি-ৰ'ল MH-60R সামুদ্ৰিক হেলিকাপ্টাৰ সৰবৰাহ কৰিব ৷

নিউজ ডেস্ক, 21 ফেব্ৰুৱাৰীঃ ভাৰতীয় নৌসেনা বাহিনী চিহ'ক হেলিকাপ্টাৰেৰে সমুদ্ৰত আধিপত্য বিস্তাৰৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে ৷ পৃথিৱীৰ আটাইতকৈ শক্তিশালী এই উন্নত হেলিকপ্টাৰেৰে প্ৰতি ছেকেণ্ডত শত্ৰুৰ শক্তিশালী চাবমেৰিণৰ ওপৰত আক্ৰমণ কৰিব পাৰে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ সময়ত ৱাশ্বিংটন আৰু নতুন দিল্লীয়ে 2.6 বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিময়ত এটি চুক্তি সাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ অধীনত আমেৰিকাই ভাৰতক 24 মাল্টি-ৰ'ল MH-60R সামুদ্ৰিক হেলিকপ্টাৰ সৰবৰাহ কৰিব ৷

এক প্ৰতিৰক্ষা চুক্তি সাক্ষৰৰ সম্ভাৱনা ভাৰত-আমেৰিকাৰ

আটাইতকৈ কঠোৰ স্থিতিটো হেলিকপ্টাৰখনত MK-46 আৰু MK-54 এয়াৰ লঞ্চ টৰ্পেড'ৰ সৈতে গেম চেঞ্জিং ক্ষমতাও উপলব্ধ থাকিব ৷ ঘাটক MH-60R সামুদ্ৰিক হেলিকপ্টাৰক উন্নত অস্ত্ৰ আৰু চেন্সৰেৰে সমুদ্ৰপৃষ্ঠত আধিপত্য বিস্তাৰ কৰিবলৈ নিৰ্মাণ কৰা হৈছে ৷ ৱাশ্বিংটনে আনুমানিক ১.৯ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয়েৰে ভাৰতত এটি সমন্বিত বিমান প্ৰতিৰক্ষা অস্ত্ৰ বিক্ৰীৰো অনুমোদন প্ৰদান কৰিছে ৷ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত উভয় পক্ষই এই চুক্তি চূড়ান্ত কৰিব পাৰে ৷

লগতে চাওকঃজয়েৰে টি-20 বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.