ETV Bharat / sports

জয়েৰে টি-20 বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ

author img

By

Published : Feb 21, 2020, 7:25 PM IST

আইচিচি মহিলা টি-20 বিশ্বকাপৰ প্ৰথমখন মেচতেই জয় লাভ ভাৰতৰ ৷ 17 ৰানত পৰাস্ত আয়োজক দেশ অষ্ট্ৰেলিয়া ৷

জয়েৰে টি-20 বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ
জয়েৰে টি-20 বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ

স্পৰ্টছ ডেস্ক, 21 ফেব্ৰুৱাৰীঃ আইচিচি মহিলা টি-20 বিশ্বকাপৰ প্ৰথমখন মেচতেই জয় লাভ ভাৰতৰ ৷ আয়োজক দেশ অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিজয়ৰে টি-20 বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতীয় মহিলা দলটোৰ ৷ টছত জয় লাভ কৰি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতৰ প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায় অষ্ট্ৰেলিয়াই ৷ প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 132 ৰান ৷ ভাৰতৰ হৈ দিপ্তী শৰ্মাই সৰ্বাধিক অপৰাজিত 49 ৰান কৰিবলৈ সক্ষম হয় ৷ আনহাতে ছেফালি বৰ্মাই 29, স্মৃতি মন্দানাই 10, জেমিমাহ ৰড্ৰিগছ 26, হৰমনপ্ৰীত কৌৰ 2 আৰু বেদা কৃষ্ণামূৰ্তীয়ে অপৰাজিত 9 ৰানৰ বৰঙণি আগবঢ়ায় ৷ অষ্ট্ৰেলিয়াৰ হৈ জেছ জনাছছেনে 4 অভাৰত 24 ৰান খৰচ কৰি সৰ্বাধিক 2 টা উইকেট দখল কৰে ৷ এলিছ পেৰী আৰু ডেলিছা কিমিঞ্চে 1 টাকৈ উইকেট লাভ কৰে ৷

মহিলা টি-20 বিশ্বকাপঃ ভাৰত বনাম অষ্ট্ৰেলিয়া

ভাৰতৰ 133 ৰান লক্ষ্য অতিক্ৰম কৰিবলৈ আহি অষ্ট্ৰেলিয়া দলটোৱে সুন্দৰ আৰম্ভণি কৰিবলৈ সক্ষম হয় ৷ দলটোৱে প্ৰথম উইকেটৰ বাবে সংগ্ৰহ কৰে 32 ৰান ৷ কিন্তু ইয়াৰ পাচত ভাৰতীয় দলৰ দুৰ্দান্ত বলিঙৰ আগত দলটো 19.5 অভাৰতে 115 ৰান কৰি অল আউট হয় ৷ ভাৰতৰ হৈ পুনম যাদৱে সৰ্বাধিক 4 অভাৰত 19 ৰান দি 4 টা , শিখা পাণ্ডেয়ে 3.5 অভাৰত 14 ৰান দি 3 টা আৰু ৰাজশ্ৰী গায়াক’ৱাডে 1 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ অষ্ট্ৰেলিয়াৰ হৈ এলিছা হেলীয়ে সৰ্বাধিক 51 ৰান কৰাৰ বিপৰীতে বেথ মুনীয়ে 6, মেগ লেনিং 5, ৰাচেল হায়নেছ 6, এছলেইগ গাৰ্ডনেৰ 34, এলিছা পেৰী 0 ৰান কৰি পেভিলিয়নমুখী হয় ৷

এলিছা হেলী
এলিছা হেলী

মেচখনত সুন্দৰ বলিঙৰ প্ৰদৰ্শন কৰা পুনম যাদৱ প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয় ৷ ভাৰতৰ দ্বিতীয়খন মেচ 24 ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ৷

India beat Australia by 17 run in icc women t20i world cup
17 ৰানত পৰাস্ত আয়োজক দেশ অষ্ট্ৰেলিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.