ETV Bharat / bharat

ভাৰত-আমেৰিকাৰ মাজত প্ৰতিৰক্ষা মন্ত্ৰীস্তৰীয় আলোচনা

author img

By

Published : Oct 26, 2020, 6:26 PM IST

ভাৰত-আমেৰিকাৰ 2+2 বাৰ্তালাপৰ অংশ হিচাপে দুই দেশৰ মাজত মন্ত্ৰীস্তৰীয় আলোচনা। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰে আলোচনা মাৰ্কিন বৈদেশিক মন্ত্ৰী মাইক পম্পিঅ' আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক এছপাৰৰ।

ভাৰত-আমেৰিকাৰ মাজত প্ৰতিৰক্ষা মন্ত্ৰীস্তৰীয় আলোচনা
ভাৰত-আমেৰিকাৰ মাজত প্ৰতিৰক্ষা মন্ত্ৰীস্তৰীয় আলোচনা

নেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ: আমেৰিকা প্ৰতিৰক্ষা সচিব মাৰ্ক এছপাৰ আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত সোমবাৰে বিভিন্ন বিষয়ক লৈ বৈঠক অনুষ্ঠিত হয়। ছাউথ ব্লকত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিঅ' আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক এছপাৰ আৰু ভাৰতীয় প্ৰতিৰক্ষা সমকক্ষ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2+2 বাৰ্তালাপৰ তৃতীয় সংস্কৰণৰ অংশ হিচাপে আলোচনাত মিলিত হয়।

মহত্বপূৰ্ণ দ্বি-পাক্ষিক, আঞ্চলিক বিষয়ত বাৰ্তালাপ হয়। ভাৰত-চীনৰ সীমান্তত চীনৰ আগ্ৰাসন, লাডাখত চীনা সৈন্যৰ আক্ৰমণাত্মক আচৰণক লৈও আলোচনা কৰে দুয়োখন দেশৰ মন্ত্ৰীদ্বয়ে। ভাৰত আৰু আমেৰিকাৰ মাজত ৰণনীতি শক্তিশালী কৰিবলৈ, ফ'ৰ মিলিটেৰী কমিউনিকেছন ফাউণ্ডেছনেল এগ্ৰীমেণ্ট, জিঅ'স্পেচিয়েল ক'অপাৰেচনৰ বাবে বুনিয়াদী বিনিময় আৰু সহযোগিতা চুক্তি আমেৰিকাৰ সৈতে স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। প্ৰতিৰক্ষা ক্ষেত্ৰৰ বাবে ই অত্যন্ত লাভদায়ক হিচাপে বিবেচিত হ'ব।

কাৰণ প্ৰতিৰক্ষাৰ বাবে মানচিত্ৰ আৰু উপগ্ৰহৰ ফটো সম্বন্ধে আমেৰিকাৰ পৰা তথ্য লাভ কৰাত সুবিধা হ'ব। BECA ত স্বাক্ষৰ কৰিলে ভাৰতে ক্ৰুজ আৰু বেলিষ্টিক মিছাইল নিৰ্ভুলতাৰ পৰীক্ষণৰ বাবে আমেৰিকাৰ ভূ-স্থানিক মানচিত্ৰ ব্যৱহাৰ কৰাৰ অনুমতি লাভ কৰিব। দুয়োখন দেশৰ দ্বাৰা মেৰিন ইনফ'ৰমেছন শ্বেয়াৰিং টেকনিকেল এগ্ৰীমেণ্টত স্বাক্ষৰ কৰাৰো সম্ভাৱনা আছে।

লগতে পঢ়ক:ক্ৰীড়া ক্ষেত্ৰক প্ৰাধান্য দি ৰাজস্থান চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.