ETV Bharat / bharat

ক্ৰীড়া ক্ষেত্ৰক প্ৰাধান্য দি ৰাজস্থান চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Oct 26, 2020, 8:01 AM IST

ৰাজস্থানৰ চৰকাৰে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ বিশেষ আঁচনিৰ অধীনত ক্ৰীড়াক্ষেত্ৰৰ 29 গৰাকীকৈ পদক বিজয়ী খেলুৱৈক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ'ব ৷ ইয়াৰ উপৰি ৰাজ্যখনৰ খেলুৱৈ সকলৰ দৈনিক ভাট্টাও দুগুণ বৃদ্ধি কৰা হ'ব ৷

The commendable initiative of the Government of Rajasthan to give priority to sports
ক্ৰীড়া ক্ষেত্ৰক প্ৰাধান্য দি ৰাজস্থান চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ

জয়পুৰ,26 অক্টোবৰঃ ক্ৰীড়া ক্ষেত্ৰক প্ৰাধান্য দিয়াৰ উদ্দেশ্যে ৰাজস্থান চৰকাৰে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ বিশেষ আঁচনিৰ অধীনত ক্ৰীড়াক্ষেত্ৰত 29 গৰাকীকৈ পদক বিজয়ী ৰাজ্যখনৰ খেলুৱৈক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ'ব ৷ ইয়াৰ উপৰি ৰাজ্যখনৰ খেলুৱৈসকলৰ দৈনিক ভাট্টাও দুগুণ বৃদ্ধি কৰা হ'ব ৷ ইতিমধ্যে এই সন্দৰ্ভত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিবলৈও মুখ্যমন্ত্ৰী অশোক গেহলটে অনুমতি প্ৰদান কৰিছে ৷

ৰাজস্থান চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱ অনুযায়ী 'ক' শাখাৰ 11গৰাকী খেলুৱৈক আৰক্ষী বিভাগ,আবকাৰী বিভাগ,বন বিভাগ,শিক্ষা বিভাগ আৰু কাৰিকৰী অভিযান্ত্ৰিক সেৱাত মোতায়েন কৰা হ'ব ৷ ইয়াৰে 6গৰাকী খেলুৱৈক আৰক্ষী বিভাগৰ উপ-অধীক্ষক পদত নিযুক্তি প্ৰদান কৰাৰ বিপৰীতে 5 গৰাকী খেলুৱৈক সহকাৰী বন সংৰক্ষৰ পদত নিযুক্তি প্ৰদান কৰা হ'ব ৷

একেদৰে 'খ' শাখাৰ 11 গৰাকী খেলুৱৈক উপ-পৰিদৰ্শক, এগৰাকী খেলুৱৈক আবকাৰী বিষয়া, 5 গৰাকী খেলুৱৈক ক্ষেত্ৰীয় বন বিষয়া আৰু এগৰাকী খেলুৱৈক দ্বিতীয় বৰ্গৰ শাৰীৰিক প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হ'ব ৷

আনহাতে,মুখ্যমন্ত্ৰী অশোক গেহলটে বৰ্তমান সময়ত খেলুৱৈসকলে লাভ কৰা দৈনিক ভাট্টাও দুগুণ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলস্বৰূপে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলে দৈনিক 500 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1000 টকা আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈসকলে 300 টকাৰ পৰিৱৰ্তে লাভ কৰিব 600 টকাকৈ ৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী অশোক গেহলটে গ্ৰহণ কৰা এনেবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই ৰাজ্যখনৰ খেলুৱৈসকলক যে অনাগত দিনত অধিক উৎসাহিত কৰিব সেইয়া নুই কৰিব নোৱাৰি ৷

লগতে পঢ়কঃএই সপ্তাহতে ভাৰত-চীনৰ অষ্টমখন ক'ৰ কামাণ্ডাৰ বৈঠকৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.