ETV Bharat / bharat

কেনে আছে প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱৰ স্বাস্থ্য ?

author img

By

Published : Oct 24, 2020, 10:34 AM IST

Get well soon paaji: Cricket fraternity wishes Kapil Dev speedy recovery
সফলভাৱে অস্ত্ৰোপচাৰ হ'ল কপিল দেবৰ

হূদৰোগত আক্ৰান্ত হোৱা প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেবৰ নতুন দিল্লীৰ ফৰ্টিছ এচকৰ্ট হাৰ্ট ইনষ্টিটিউটত সফলভাৱে সম্পন্ন হয় এঞ্জিঅ'প্লাষ্টী অস্ত্ৰোপচাৰ ৷ টুইটাৰযোগে ক্ৰিকেটাৰ গৰাকীৰ সু-স্বাস্থ্য কামনা কৰে অনুৰাগী তথা ক্ৰিকেট পৰিয়ালে ৷

স্পৰ্টছ ডেস্ক, 24 অক্টোবৰ: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ কপিল দেবৰ নতুন দিল্লীৰ ফৰ্টিছ এচকৰ্ট হাৰ্ট ইনষ্টিটিউটত সফলভাৱে সম্পন্ন হয় এঞ্জিঅ'প্লাষ্টী অস্ত্ৰোপচাৰ ৷ প্ৰাক্তন ক্ৰিকেটাৰগৰাকী আক্ৰান্ত হৈছিল হৃদৰোগত ৷ ইয়াৰ পাচতে ক্ৰিকেটাৰগৰাকীক ভৰ্তি কৰা হৈছিল ফৰ্টিছ এচকৰ্ট হাৰ্ট ইনষ্টিটিউট জৰুৰীকালীন বিভাগত ৷ বুকুৰ বিষত আক্ৰান্ত হৈ থকা বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ক্ৰিকেটাৰ গৰাকীক আৰু ইয়াৰ পাচতে ক্ৰিকেটাৰ গৰাকী হূদৰোগত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ৷

Get well soon paaji: Cricket fraternity wishes Kapil Dev speedy recovery
সফলভাৱে অস্ত্ৰোপচাৰ হ'ল কপিল দেবৰ

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কজনে ১৯৮৩ চনত ভাৰতক প্ৰথম বিশ্বকাপ বিজয়ৰ সোৱাদ দিবলৈ সক্ষম হৈছিল । চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কপিল দেব যথেষ্ট সক্ৰিয় হৈ আছিল ।

ইফালে, ভাৰতীয় বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ গৰাকী অসুস্থ হোৱাৰ খবৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচতে অসংখ্য অনুৰাগীয়ে তেওঁৰ আশু- আৰোগ্য কামনা কৰে ৷ ক্ৰিকেটাৰ গৰাকীৰ সুস্বাস্থ্যৰ বাবে তেওঁৰ সতীৰ্থ সকলে টুইট কৰে ৷

প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ পূৰ্বৰ সতীৰ্থ মদন লালে জনোৱা অনুসৰি, প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱ অসুস্থ হোৱাৰ লগে-লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছে ৷ কিয়নো ক্ৰিকেটাৰগৰাকীয়ে বুকুৰ বিষত আক্ৰান্ত হোৱাৰ কথা আত্মীয়ক জনাইছিল ৷ ইয়াৰ পাচতে ক্ৰিকেটাৰ গৰাকীৰ সফলভাৱে সম্পন্ন কৰা হয় অস্ত্ৰোপচাৰ ৷ সতীৰ্থ মদল লালে প্ৰকাশ কৰা অনুসৰি, অতি শীঘ্ৰে নিজ গৃহলৈ লৈ যোৱা হ'ব ক্ৰিকেটাৰ গৰাকীক ৷

ইফালে, শচীন তেণ্ডুলকাৰেও টুইটাৰযোগে ক্ৰিকেটাৰগৰাকীৰ আৰোগ্য কামনা কৰে ৷ তেণ্ডুলকাৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ ধ্যান ৰখাৰ লগতে অতি শীঘ্ৰে 'পাজি মিলটে হ্যায়' বুলি টুইট কৰে ৷

  • Take care @therealkapildev! Praying for your quick recovery. Get well soon Paaji. 🙏🏼

    — Sachin Tendulkar (@sachin_rt) October 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বিৰাট কোহলীয়েও টুইটাৰযোগে শীঘ্ৰে সুস্থ হৈ উঠক বুলি মন্তব্য কৰে ৷

মহম্মদ কাইফে কয়, "আপুনি পূৰ্বৰ পৰাই এগৰাকী যোদ্ধা আছিল আৰু অতি শীঘ্ৰে এই যুদ্ধতো জয়ী হৈ আহিব ৷"

টুইটাৰযোগে ক্ৰিকেটাৰ হৰভজন সিঙেও আৰোগ্য কামনা কৰি কয়, "অতি শীঘ্ৰে সুস্থ হৈ উঠক পাজী ৷"

যুৱৰাজ সিঙেও টুইটাৰযোগে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ অতি শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ৷ ইয়াৰ লগতে যুৱৰাজ সিঙে আপুনি সুস্থ হৈ অতি শীঘ্ৰে ক্ৰিকেটৰ জগতলৈ ঘূৰি আহক, মোৰ বহু শিকিবলগীয়া আছে বুলি মন্তব্য কৰে ৷

ভিভিএচ লক্ষ্মণেও টুইটাৰযোগে প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱৰ আশু-আৰোগ্য কামনা কৰে ৷

ইফালে, সতীৰ্থ তথা অনুৰাগীসকলৰ ক্ৰিকেটাৰ গৰাকীৰ প্ৰতি থকা মৰম দেখি আপ্লুত হৈ পৰে ক্ৰিকেটাৰগৰাকী ৷ ক্ৰিকেটাৰগৰাকীয়ে সকলোকে ধন্যবাদ জনাই বৰ্তমান সুস্থ বুলি মন্তব্য কৰে ৷

Get well soon paaji: Cricket fraternity wishes Kapil Dev speedy recovery
সকলোকে ধন্যবাদ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ

ইফালে, ক্ৰিকেটাৰগৰাকীৰ বৰ্তমান চিকিৎসা চলি আছে বুলি ক্ৰিকেটাৰগৰাকীৰ চিকিৎসক ড০ অতুল মাথুৰে প্ৰকাশ কৰে ৷ বৰ্তমান সুস্থ হৈ উঠাৰ লগতে পূৰ্বে মধুমেহ ৰোগত আক্ৰান্ত হৈ থকাৰ কথা উল্লেখ কৰে চিকিৎসকগৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে:কিশোৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী বৃদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.