ETV Bharat / bharat

কেবৰ পূৰ্বে নতুন দিল্লীত সম্পন্ন কংগ্ৰেছৰ বৈঠক

author img

By

Published : Dec 8, 2019, 11:55 PM IST

বৈঠকখনত দলীয় কাৰ্যবাহী নীতিৰ লগতে কেব সম্পৰ্কে আলোচনা কৰা হয়
কেবৰ পূৰ্বে নতুন দিল্লীত সম্পন্ন কংগ্ৰেছৰ বৈঠক

কংগ্ৰেছে দেওবাৰে নতুন দিল্লীত এক বৈঠকত মিলিত হয়,বৈঠকখনত দলীয় কাৰ্যবাহী নীতিৰ লগতে কেব সম্পৰ্কে আলোচনা কৰা হয়

নতুন দিল্লী,8 ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 সদনত উত্থাপন কৰাৰ পূৰ্বে নতুন দিল্লীত কংগ্ৰেছে দেওবাৰে এক বৈঠকত মিলিত হয় ৷ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত বৈঠকখনত দলীয় কাৰ্যবাহী নীতিৰ লগতে কেব সম্পৰ্কে আলোচনা কৰা হয় ৷ আহমেদ পেটেল,অধীৰ ৰঞ্জন চৌধুৰী,আনন্দ শৰ্মা,কপিল ছিৱাল আৰু মনীষ তিৱাৰীকে আদি কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল উক্ত বৈঠকত উপস্থিত থাকে ৷ পূৰ্বে কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে এক উচ্চস্তৰীয় প্ৰতিনিধিৰ দল কেবৰ প্ৰসংগত উত্তৰ-পূৰ্বাঞ্চললৈ পঠাইছিল ৷ দলটোৰ প্ৰতিবেদনৰ ভিত্তিত উত্তৰ-পূৰ্বাঞ্চলত এই বিধেয়কখনৰ প্ৰভাৱ সৰ্বাধিক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰে ৷ ইয়াৰ পিছত অন্য এখন কমিটি গঠন কৰা হয় ৷ যাৰ জৰিয়তে জনসাধাৰণৰ মাজত বিধেয়কখনৰ সঠিক বিশ্লেষণ কৰিব পৰা যাব ৷ সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম সপ্তাহত লোকসভাত 9 খন বিধেয়ক উত্থাপন কৰা হ’ব ৷ ইয়াৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 তথা ব্যক্তিগত ডাটা সংৰক্ষণ বিধেয়ক অন্যতম ৷ বিধেয়কখনে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মৰ ভিত্তিত অহা লোকসকলক নাগৰিকত্ব প্ৰদান কৰিব ৷ উল্লেখ্য যে, বিধেয়কখনে বুধবাৰে কেবিনেটৰ অনুমোদন লাভ কৰিছিল ৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন সোমবাৰে সদনত উত্থাপন কৰা হ’ব ৷ সংসদৰ শীতকালীন অধিৱেশনখন 13 ডিচেম্বৰত সামৰণি পৰিব ৷

লগতে চাওকঃদিল্লীৰ ৰাণী ঝান্সীত ভয়ংকৰ অগ্নিকাণ্ড, নিহত 43 জন

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.