ETV Bharat / bharat

দিল্লীৰ ৰাণী ঝান্সীত ভয়ংকৰ অগ্নিকাণ্ড, নিহত 43 জন

author img

By

Published : Dec 8, 2019, 10:03 AM IST

Updated : Dec 8, 2019, 11:58 AM IST

Delhi Rani Jhansi Road Anaj Mandi fire
দিল্লীৰ ৰাণী ঝান্সী ৰোডত ভয়ংকৰ অগ্নিকাণ্ড

09:53 December 08

দিল্লীৰ ৰাণী ঝান্সী ৰোডৰ অনাজ মণ্ডীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত বৰ্তমানলৈ নিহত 43 জনকৈ লোক

দিল্লীৰ ৰাণী ঝান্সী ৰোডত ভয়ংকৰ অগ্নিকাণ্ড


দিল্লী, 8 ডিচেম্বৰঃ দেওবাৰে পুৱাৰ ভাগতে নতুন দিল্লীৰ ৰাণী ঝান্সী ৰোডৰ অনাজ মণ্ডীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷ ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ লোক ৷ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে তাৎক্ষণিকভাৱে জুঁই নিৰ্বাপনৰ চেষ্টা চলায় ৷ এইপৰ্যন্ত অগ্নিকাণ্ডত নিহত হয় 43 জনকৈ লোক লগতে গুৰুতৰভাৱে আহত হয় 59 জন ৷ ইতিমধ্যে অব্যাহত আছে উদ্ধাৰ অভিযান ৷

প্ৰাপ্ত তথ্য অনুসৰি, অনাজ মণ্ডীৰ এটি অট্টালিকাত সংঘটিত হয় অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ যে, জুঁই নিৰ্বাপন বাবে প্ৰয়োজন হয় 30 খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ৷ আঘাত প্ৰাপ্তসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হয় ৷

ঘটনাস্থলীৰ পৰা এইপৰ্যন্ত 56 জনকৈ লোকক উদ্ধাৰ কৰা হয় ৷ তথ্য অনুসৰি, অগ্নিকাণ্ডটোত কিছু সংখ্যক লোকৰ দেহৰ প্ৰায় 50% জ্বলি গৈছে ৷ আহত সকলক 4 খন পৃথক পৃথৰ হাস্পতালত ভৰ্তি কৰা হৈছে ৷ আহতসকলক দিল্লীৰ আৰ এম এল, এল এন জে পি, সফদৰজংগ হাস্পতালত ভৰ্তি কৰা হয় ৷ ইয়াৰে 45 জনকৈ লোকক ভৰ্তি কৰা হয় এল এন জি পি হাস্পতালত ৷ ঘটনা সন্দৰ্ভত শোক প্ৰকাশ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷

ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ এয়া অতি এক শোকাৱহ ঘটনা ৷ এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ লগতে নিহতৰ পৰিয়াললৈ 10 লাখ টকা আৰু আহতৰ পৰিয়ালকৈ 1 লাখ টকাকৈ আৰ্থিক সাহায্যৰ ঘোষণা অৰবিন্দ কেজৰিৱালৰ ৷ আনহাতে আহতসকলৰ চিকিৎসাৰ সমগ্ৰ ব্যয় চৰকাৰে বহন কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ ৷ 

Intro:Body:

delhi fire


Conclusion:
Last Updated : Dec 8, 2019, 11:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.