ETV Bharat / bharat

কৰ্ণাটকত পিপিই কীট পৰিধান কৰি বাছ সেৱা কণ্ডাক্টৰসকলৰ

author img

By

Published : Jun 6, 2020, 2:38 PM IST

কৰ্ণাটক
কৰ্ণাটকত পিপিই কীট পৰিধান কৰি বাছ সেৱা কণ্ডাক্টৰসকলৰ

কৰ্ণাটকৰ দক্ষিণ কন্নড় জিলাত ব্যক্তিগত বাছ সমূহৰ কণ্ডাক্টৰসকলে পিপিই কীট পৰিধান কৰি সেৱা আগবঢ়োৱা কাৰ্যই প্ৰশংসা বুটলিছে সচেতন নাগৰিকৰ পৰা । মহামাৰী কৰ'ণা প্ৰতিৰোধ তথা তাৰ বিৰুদ্ধে সজাগ কৰিবলৈ বাছৰ মালিকসকলে পিপিই কীট কৰে বুলি জানিবলৈ দিয়ে ।

নিউজ ডেস্ক, ৬ জুনঃ কৰ্ণাটকৰ দক্ষিণ কন্নড় জিলাকে ধৰি দেশৰ ভিন্ন প্ৰান্তত ১ জুনৰ পৰা অৰ্থাৎ কেন্দ্ৰ চৰকাৰে আনলক বুলি ঘোষণা কৰা পাচৰে পৰা আৰম্ভ হৈছে চিটি বাছ সেৱা ।

বাছ সেৱা পুনৰ আৰম্ভ হোৱা সময়ৰ পৰাই ব্যক্তিগত বাছ সমূহৰ একাংশ স্বত্বাধিকাৰীয়ে বাছৰ কণ্ডাক্টৰসকলক পিপিই কীট প্ৰদান কৰে । যাৰ বাবে দেওবাৰে কন্নড়ৰ ষ্টেট বেংক শক্তিনগৰৰ বাছ ষ্টপত এজন কণ্ডাক্টৰক পিপিই কীট পৰিধান কৰি বাছ সেৱা আগবঢ়োৱা প্ৰত্যক্ষ কৰা দেখা গৈছে ।

কৰ্ণাটক
কৰ্ণাটকত পিপিই কীট পৰিধান কৰি বাছ সেৱা কণ্ডাক্টৰসকলৰ

বাছ কণ্ডাক্টৰ ছেইচে কয় যে,পিপিই কীট পৰিধাণ কৰাৰ পূৰ্বে আমি বাছত কাম কৰিবলৈ সংকোচ হোৱাৰ উপৰিও ভয় খাইছিলো । কিয়নো বাছখনত ভিন্ন ধৰণৰ ব্যক্তিয়ে যাত্ৰা কৰে । কিন্তু আমাক যেতিয়াৰ পৰাই মালিকে পিপিই কীট প্ৰদান কৰে তেতিয়াৰ পৰা আমি বিনা সংকোচে কাম কৰিবলৈ লৈছো ।

তাৰোপৰি মংগৰুলুৰ কিছু সংখ্যক বাছৰ ড্ৰাইভাৰকো নিজৰ সুৰক্ষাৰ বাবে পিপিই কীট পৰিধাণ কৰা পৰিলক্ষিত হয় ।

লগতে চাওকঃ পঞ্চম স্থানৰে কামৰূপ জিলালৈ সুনাম কঢ়িয়ালে জ্যোতি বেজবৰুৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.