ETV Bharat / bharat

অভিযুক্তৰ সংস্পৰ্শলৈ অহা 60 গৰাকী আৰক্ষীক প্ৰেৰণ কোৱাৰেণ্টাইনলৈ

author img

By

Published : Jul 7, 2020, 2:55 PM IST

চত্তীশগড়ৰ বিলাসপুৰৰ চিভিল লাইন আৰক্ষী থানাৰ ৬০ গৰাকী আৰক্ষীক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ । কৰ্ণাটকৰ পৰা বিলাসপুৰলৈ ধৰ্ষণকাণ্ডত জড়িত এজন অভিযুক্তক লৈ অহা পাচতে অভিযুক্ত জনৰ দেহত লাভ কৰে মহামাৰী কৰ'ণাৰ উপস্থিতি । তাৰ পাচতে থানাখনৰ ৬০ গৰাকী আৰক্ষী বিষয়াক প্ৰেৰণ কৰে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ।

চত্তীশগড়

নিউজ ডেস্ক, ৭ জুলাইঃ চত্তীশগড়ৰ বিলাসপুৰত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ ১৬ গৰাকী আৰক্ষী বিষয়াক । ধৰ্ষণকাণ্ডত জড়িত এজন অভিযুক্তক কৰ্ণাটকৰ পৰা বিলাসপুৰলৈ লৈ যোৱাৰ পাছতে অভিযুক্তজনৰ দেহত লাভ কৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি । যাৰ বাবে অভিযুক্তজনক কৰ্ণাটকৰ পৰা বিলাসপুৰলৈ লৈ অহা আৰক্ষীৰ দলটোৰ সহিতে সংস্পৰ্শত অহা বিষয়াসকলক কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে বিলাসপুৰ আৰক্ষীয়ে ।

বিলাসপুৰৰ আৰক্ষী অধীক্ষকক প্ৰশান্ত আগৰৱালে ইতিমধ্যে চিভিল লাইন আৰক্ষী থানা ছীল কৰে বুলি সদৰি কৰে । লগতে সেই অঞ্চলটো কনণ্টেইনমেন জ'ন হিচাপে ঘোষণা কৰে বুলিও জানিবলৈ দিয়ে । ইয়াৰ উপৰিও থানাত কৰ্মৰত আৰক্ষী বিষয়াসকলৰ স্বাৱৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক প্ৰশান্ত আগৰৱালে ।

উল্লেখ্য যে, এজন ২৮ বছৰীয়া এজন ব্যক্তিক বিগত মাহত ছিবিল লাইন আৰক্ষী থানালৈ লৈ আহিছিল এটি ৪ জনীয়া আৰক্ষীৰ দলে । এগৰাকী মহিলাই ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰাৰ পাচতে কৰ্ণাটকৰ মাইছুৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্তজনক । আনহাতে, অভিযুক্তজন কৰ্ণাটকৰ ভাভা পৰমাণু অনুসন্ধান কেন্দ্ৰৰ মাইছুৰ ইউনিটত কৰ্মৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.