ETV Bharat / bharat

উত্তৰ-পূৰ্বাঞ্চলত কোভিড-19 : ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ পৰ্যালোচনা বৈঠক

author img

By

Published : Apr 3, 2020, 8:53 PM IST

উত্তৰ-পূৰ্বাঞ্চলৰ 5000 কি.মি. আন্তৰাষ্ট্ৰীয় সীমান্ত বন্ধ ৷ কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবলৈ উত্তৰ-পূৰ্বাঞ্চললৈ অৰ্থ সাহাৰ্য ৷
ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ পৰ্যালোচনা বৈঠক
উত্তৰ-পূৰ্বাঞ্চলত কোভিড-19

নেশ্যনেল ডেস্ক, 3 এপ্ৰিল : কোভিড-19 ৰ সংক্ৰমণ ৰোধৰ বাবে উত্তৰ-পূৱ ভাৰতত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই সম্পৰ্কত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক পৰ্যালোচনা কৰে ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৷ এই বৈঠকত উপস্থিত থাকে DoNER, North Eastern Council (NEC) আৰু NEDFI ৰ উচ্চপদস্থ বিষয়াসকল ৷

এই বৈঠকতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰদান কৰা তথ্য অনুসৰি, মন্ত্ৰণালয়ৰ 100 শতাংশ কামেই ই-অফিচৰ জৰিয়তে চলি থকাৰ লগতে সকলোৰে সুবিধা হোৱাকৈ ঘৰৰ পৰাই দায়িত্ব পালনৰ (work from home mode) ব্য়ৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত লকডাউন কঠোৰ কৰি তোলাৰ লগতে প্ৰায় 5500 কি.মি. দীঘলীয়া আন্তৰাষ্ট্ৰীয় সীমান্ত বন্ধ কৰি ৰখা হৈছে ৷

ইয়াৰোপৰি, প্ৰধানমন্ত্ৰীৰ শুশ্ৰুষা নিধিলৈ (PM-CARES fund) ড'নাৰ মন্ত্ৰণালয়ৰ সকলো বিষয়ববীয়া আৰু মন্ত্ৰী আৰু ইয়াৰ অধীনৰ সংস্থাসমূহে এদিনৰ দৰমহা সাহাৰ্য হিচাপে প্ৰদান কৰিছে ৷

নেডফিয়ে CSR পুঁজিৰ পৰা PM-CARES fund লৈ প্ৰদান কৰিছে দুই কোটি টকা অৰ্থ সাহাৰ্য ৷

ইয়াৰোপৰি, কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে ড'নাৰ মন্ত্ৰণালয়ে উত্তৰ-পূৱৰ ৰাজ্যলৈ 25 কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷ সেই অনুসৰি, অসমে লাভ কৰিব 5 কোটি, অৰুণাচল প্ৰদেশে 3.25 কোটি, মনিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাই 3 কোটি আৰু ছিকিমে 1.75 কোটি ৷

Sl.NoStateFund Sanctioned (Rs in Cr)
1Arunachal Pradesh3.25
2Assam5.00
3Manipur3.00
4Meghalaya3.00
5Mizoram3.00
6Nagaland3.00
7Sikkim1.75
8Tripura3.00

NESIDS ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য আন্তগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যেও বিভিন্ন আঁচনিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ইয়াৰোপৰি, ৰাজ্যসমূহকো তেওঁলোকৰ প্ৰস্তাৱসমূহ 6 এপ্ৰিলৰ ভিতৰত জমা দিবলৈ জনোৱা হৈছে ৷

আৰু পঢ়ক : লকডাউন : মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ "Reading Challenge"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.