ETV Bharat / bharat

লকডাউন : মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ "Reading Challenge"

author img

By

Published : Apr 3, 2020, 8:22 PM IST

কিতাপ পঢ়াৰ আন্দোলন শীৰ্ষক পদক্ষেপ গ্ৰহণ MHRD ৰ ৷ প্ৰাথমিক বিদ্যালয়ৰ পৰা স্নাতকোত্তৰৰ ছাত্ৰ-ছাত্ৰীলৈ এই সেৱা ৷

লকডাউন
মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ "Reading Challenge"

নেশ্যনেল ডেস্ক, 3 এপ্ৰিল : 'কিতাপ পঢ়াৰ আন্দোলন' শীৰ্ষক এক পদক্ষেপ গ্ৰহণ কৰিছে মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ে ৷ লকডাউনৰ সময়ছোৱাৰ সঠিক ব্যৱহাৰৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা স্নাতকোত্তৰৰ ছাত্ৰ-ছাত্ৰীলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ National Digital Library(NDL) ৰ জৰিয়তে এই পদক্ষেপৰ অংশীদাৰ হ'ব পাৰিব ছাত্ৰ-ছাত্ৰীসকল ৷

উল্লেখ্যে যে, National Digital Library(NDL)ৰ জৰিয়তে শিক্ষক, গৱেষক আৰু জ্ঞান আহৰণ কৰিব পৰা যিকোনো লোকে কিতাপ পঢ়াৰ আনন্দ লাভ কৰিব পাৰিব ৷ এই পুঁথিভৰালত 3 লাখ লেখকৰ 70 টা ভাষাৰ প্ৰায় 10 মিলিয়ন কিতাপ আছে আৰু বিনামূলীয়াকৈ এই কিতাপ পঢ়াৰ সুবিধা প্ৰদান কৰা হৈছে ৷

কিতাপ, গৱেষণা গ্ৰন্থ, অডিঅ'-ভিজুৱেল আৰু ৱেব কৰ্ছৰ দ্বাৰা এই পুঁথিভৰালত জ্ঞান লাভ কৰিব পাৰি ৷ আনহাতে, এই পুঁথিভৰালত আছে ভাষা, কাৰিকৰী বিজ্ঞান, দৰ্শন, প্ৰাকৃতিক বিজ্ঞান, অংকশাস্ত্ৰ আৰু বিভিন্ন ধৰণৰ কিতাপ ৷ ইয়াৰোপৰি, মেনেজমেন্ট, ইঞ্জিনীয়াৰিং, আইনশাস্ত্ৰ, সমাজশাস্ত্ৰৰো শিক্ষা লাভ কৰিব পৰা যায় ৷

আৰু পঢ়ক : কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবলৈ ৰ'বটৰ ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.