ETV Bharat / bharat

কুপৱাৰাত উদ্ধাৰ অবৈধ অস্ত্ৰঃ সেনাৰ অভিযান অব্যাহত

author img

By

Published : Nov 9, 2020, 11:04 AM IST

বিএছএফ আৰু সেনাৰ যুটীয়া অভিযানত কুপৱাৰা জিলাৰ মাখিল ছেক্টৰত অবৈধ অস্ত্ৰৰ লগতে যোগাযোগৰ সামগ্ৰী জব্দ কৰা হয় ৷ ইতিমধ্যে অঞ্চলটোত যুটীয়া দলৰ অভিযান অব্যাহত আছে ৷

কুপৱাৰাত উদ্ধাৰ অবৈধ অস্ত্ৰ; সেনাৰ অভিযান অব্যাহত
কুপৱাৰাত উদ্ধাৰ অবৈধ অস্ত্ৰ; সেনাৰ অভিযান অব্যাহত

নিউজ ডেস্ক, 9 নৱেম্বৰ : জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাখিল ছেক্টৰত সংঘটিত হোৱা সংঘৰ্ষত স্থলসেনাৰ তিনিগৰাকী বিষয়া-জোৱান আৰু বিএছএফৰ এগৰাকী কনিষ্টবল শ্বহীদ হয় ৷ আনহাতে সেনা আৰু বিএছএফৰ অভিযানত বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে এটা ৰেডিঅ' ছেট আৰু নগদ 50,000 টকা উদ্ধাৰ কৰে ৷ ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰি লৈ সেনা আৰু বিএছএফে অভিযান চলাইছে ৷ সেনা আৰু বিএছএফৰ সৈতে হোৱা সংঘৰ্ষত তিনিটা সন্ত্ৰাসবাদীও নিহত হয় ৷

সেনা আৰু বিএছএফে সীমান্তৰ সিপাৰৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশৰ ঘটনা ৰোধ কৰিবলৈ যাওঁতেই স্থলসেনাৰ 18 মাদ্ৰাছ ৰেজিমেন্টৰ এগৰাকী কেপ্টেইন আৰু দুগৰাকী জোৱানৰ লগতে বিএছএফৰ এগৰাকী কনিষ্টবল শ্বহীদ হয় ৷

লগতে পঢ়ক : 2015 চনৰ নিৰ্বাচনৰ তুলনাত 2020 বৰ্ষৰ ভোটাৰৰ সংখ্যা বৃদ্ধি বিহাৰ নিৰ্বাচনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.