ETV Bharat / bharat

উড়িশাৰ ভবানীপটনা চহৰত বনৰীয়া ভালুকৰ আক্ৰমণত আহত এজন

author img

By

Published : Aug 21, 2020, 5:50 PM IST

A wild bear attacks a person in Bhawanipatna town
উড়িশাৰ ভবানীপটনা চহৰত বনৰীয়া ভালুকৰ আক্ৰমণত আহত এজন

উক্ত সময়তে ঘটনাস্থলীত উপস্থিত একাংশ লোকে লাঠীৰে ভালুকটোক আক্ৰমণ কৰে, যাৰ ফলত ভালুকটোৱে লোকজনক এৰি পলায়ন কৰে আৰু স্থানীয় লোকে লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

নিউজ ডেস্ক, 21 আগষ্ট : উড়িশাৰ কালাহাণ্ডি জিলাৰ ভবানীপটনা চহৰত এটা বনৰীয়া ভালুকে জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি স্থানীয় লোকৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে ৷ ভালুকটোৱে এজন লোকৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰি লোকজনক আহত কৰে ৷ উক্ত সময়তে ঘটনাস্থলীত উপস্থিত একাংশ লোকে লাঠীৰে ভালুকটোক আক্ৰমণ কৰে, যাৰ ফলত ভালুকটোৱে লোকজনক এৰি পলায়ন কৰে আৰু স্থানীয় লোকে লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

উড়িশাৰ ভবানীপটনা চহৰত বনৰীয়া ভালুকৰ আক্ৰমণত আহত এজন

পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ভালুকটোক কৰায়ত্ত কৰাৰ চেষ্টা কৰে ৷

লগতে পঢ়ক : নাবালকক যৌন উৎপীড়নৰ অভিযোগত উড়িশা আৰক্ষীৰ জালত ব্ৰিটিছ নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.